নিউজ ডেস্ক, 22 নবেম্বৰ :ভাৰতীয় সেনাৰ ৩ টা কৰ্পৰ general officer commanding (GOC) অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা সেৱাৰ বাবে উত্তম যুদ্ধ সেৱা পদক(Uttam Yudh Seva Medal ) প্ৰদান কৰা হৈছে । এটা ভিডিঅ' বাৰ্তা যোগে কলিতাই তেওঁৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলে তেওঁক দিয়া নৈতিকতাৰ জ্ঞানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।
Uttam Yudh Seva Medal অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ
অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা সেৱাৰ বাবে উত্তম যুদ্ধ সেৱা পদক প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই সন্মান জনালে সেনা বিষয়া গৰাকীক ৷
ইয়াৰ লগতে ৰাণা প্ৰতাপ কলিতাই অসমৰ জনসাধাৰণে তেওঁক দিয়া মৰম আৰু সমৰ্থনৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰাণা প্ৰতাপ কলিতাক তেওঁৰ সেৱাৰ বাবে 'সেনা পদক(Sena Medal)' আৰু বিশিষ্ট সেৱা পদকে(Vishisht Seva Medal)ৰে দুবাৰকৈ সন্মানিত কৰা হৈছিল । বিশেষভাৱে উল্লেখ কৰা প্ৰয়োজনীয় যে, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সশস্ত্ৰ বাহিনীৰ কৰ্মী আৰু অন্যান্য সকলক ৪৫৫ টা বীৰত্ব আৰু অন্যান্য প্ৰতিৰক্ষা সজ্জাৰ বঁটাৰে সন্মানিত কৰিছে ৷
লগতে পঢ়ক :ফান্দত পৰিল মাছৰ গাড়ীৰ পৰা ধন দাবী কৰা জিলা আছুৰ শিক্ষা সম্পাদক সহ এজন