অসম

assam

ETV Bharat / city

ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত গোচৰ - ধুবুৰী আৰক্ষী

সাংবাদিক ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত গোচৰ ৰুজু ৷ নিউজ পেপাৰ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সম্পাদক মনজিৎ সিনহাই দাখিল কৰিলে এই গোচৰ ।

Breaking News

By

Published : Jul 17, 2020, 9:01 PM IST

গুৱাহাটী, 17 জুলাই : 15 জুলাইত মাজনিশা এটা ব্যক্তিগত টেলিভিচন চেনেলৰ ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ জুই । এইবাৰ আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত দাখিল কৰিলে অভিযোগ । নিউজ পেপাৰ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সম্পাদক মনজিৎ সিনহাই দাখিল কৰিলে এই অভিযোগ ।

ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত গোচৰ

মাজনিশা 2 বজাত দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ দৰে সাংবাদিক ৰাজীৱ শৰ্মাক বৰ্বৰভাৱে গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে । অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ বাবেই ধুবুৰীৰ বন বিষয়া বিশ্বজিৎ ৰায়ৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল সাংবাদিকগৰাকী । এই সমগ্ৰ ঘটনাত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ হস্তক্ষেপ বিচাৰি সিনহাই প্ৰেৰণ কৰিছে অভিযোগ পত্ৰ ৷

ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত গোচৰ
ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত গোচৰ

মনজিৎ সিনহাৰ অভিযোগৰ পাচতেই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি নিজাববীয়া তদন্তৰ বাবে সাজু হৈছে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ । আনহাতে, প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াটো ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে আন এখন সুকীয়া অভিযোগ । সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰাৰো অভিযোগ ধুবুৰী আৰক্ষী অধীক্ষক যুৱৰাজ আৰু বন বিষয়া বিশ্বজিৎ ৰায়ৰ বিৰুদ্ধে । দুৰ্নীতিৰ বাতৰি পৰিবেশন কৰাৰ বাবেই এনে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে মনজিৎ সিনহাই । যাৰ বাবে দুখনকৈ অভিযোগ দাখিল কৰিছে নিউজ পেপাৰ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সম্পাদকগৰাকীয়ে ।

ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত গোচৰ
লগতে পঢ়ক :গুটখা হ'ব পাৰে নেকি গণ সংক্ৰমণৰ কাৰক ?

ABOUT THE AUTHOR

...view details