কুইনৰ বিৰুদ্ধে জোনমণি - জোনমনি দেৱী খাউণ্ডে
খাউণ্ডৰ মতে যাৰ শপতনামাই ভুল তেওঁ সংবিধানৰ শপত লৈ কেনেদৰে শুদ্ধ কাম কৰিব বুলিও প্ৰশ্ন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক । লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাৰ ওপৰতো জোনমনি দেৱী খাউণ্ডে প্ৰশ্ন কৰে । লগতে, কুইন ওজা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্মৃতিৰাণীৰ শিষ্য বুলি মন্তব্য কৰি কয় গুৰুৰ পৰা যি সংস্কৃতি পাইছে শিষ্যই সেয়াই কৰিব ।
গুৱাহাটী, ৫ এপ্ৰিল : শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত নাৰীৰ বাবে বিধানসভা আৰু লোকসভাত ৩৩ শতাংশ আসন সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে বিজেপি দলক তাৰাক মেহতা কি উলটা চচমা ধাৰাবাহিকৰ বাঘা ছৱিৰ লগত তুলনা কৰে । খাউণ্ডৰ মতে যাৰ শপতনামাই ভুল তেওঁ সংবিধানৰ শপত লৈ কেনেদৰে শুদ্ধ কাম কৰিব বুলিও প্ৰশ্ন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক । লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাৰ ওপৰতো জোনমনি দেৱী খাউণ্ডে প্ৰশ্ন কৰে । লগতে, কুইন ওজা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্মৃতিৰাণীৰ শিষ্য বুলি মন্তব্য কৰি কয় গুৰুৰ পৰা যি সংস্কৃতি পাইছে শিষ্যই সেয়াই কৰিব ।