গুৱাহাটী, ৪ নৱেম্বৰ:অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে দায়িত্ব লাভ কৰাৰ পিছত বুধবাৰে প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত ভৰি দিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে । 1 নৱেম্বৰতে জিতেন্দ্ৰ সিঙে দিল্লীৰ পৰা পোনে পোনে ডিব্ৰুগড়লৈ আৰু তাৰ পিছত যোৰহাট আৰু নগাঁৱত দলীয় সভাত ভাগ লয় ৷
ইয়াৰ পিছতে বুধবাৰে গুৱাহাটীত উপস্থিত হয় জিতেন্দ্ৰ সিং । ৰাজীৱ ভৱনত উপস্থিত হোৱাৰ পিছতে নেতা গৰাকীক আদৰণি জনাই দলীয় কৰ্মীসকলে । সমান্তৰালভাৱে প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত উপস্থিত হৈ দলীয় কৰ্মীৰ লগত মত বিনিময় কৰে নেতা গৰাকীয়ে ৷