অসম

assam

ETV Bharat / city

Jatiya Yuva Shakti: মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বাবেই গ্ৰেপ্তাৰ হোৱা নাই নেকি হিমাংশু শেখৰ বৈশ্য ? - ভাৰতীয় দণ্ডবিধি আইন

ভাৰতীয় জনতা যুৱ মৰ্চাৰ(BJYM) ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যৰ নাম অপহৰণ-কাণ্ডৰ সৈতে সাঙোৰ খাই পৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জাতীয় যুৱ শক্তিয়ে ৷ হিমাংশু শেখৰ বৈশ্যৰ দৰে ‘অপৰাধী’ ৰাজনৈতিক নেতাক ৰক্ষণাবেক্ষণ নিদিবলৈ ৰাজ্য চৰকাৰৰ গৃহ বিভাগক আহ্বান জাতীয় যুৱ শক্তিৰ ৷

BJP leader's name in kidnapping case
মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বাবেই গ্ৰেপ্তাৰ হোৱা নাই নেকি হিমাংশু শেখৰ বৈশ্যক

By

Published : Oct 16, 2022, 5:18 PM IST

গুৱাহাটী, ১৬ অক্টোবৰ: শাসনাধিষ্ঠিত দল বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ(BJYM) ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য(BJYM General Secretary Himangshu Shekhar Baishya) এটা অপহৰণ-কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপি যুৱ মৰ্চাৰ নেতাৰ অপহৰণকাণ্ড সন্দৰ্ভত দেওবাৰে জাতীয় যুৱ শক্তিয়ে সংবাদমেল সম্বোধন কৰে ৷

জাতীয় যুৱ শক্তিৰ সংবাদমেল

জাতীয় যুৱ শক্তিৰ সম্পাদক কংকন নাথে সংবাদমেলত কয় যে, গুৱাহাটীত থাকি কয়লাৰ ব্যৱসায় কৰা বিহাৰৰ অৰবিন্দ কুমাৰ প্ৰসাদক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু প্ৰসাদ বৈশ্য আৰু যুৱ মৰ্চাৰে আন এজন নেতা সঞ্জীৱ ডেকাই একাধিক সহযোগীসহ ৮ অক্টোবৰত পিষ্টল দেখুৱাই অপহৰণ কৰিছিল(BJP leader's name involvement in kidnapping case) ৷ বিতৰ্কিত ব্যৱসায়ীগৰাকীক অপহৰণৰ পাছত তেওঁলোকে পৰিয়ালৰ ওচৰত দুই কোটি টকাৰ মুক্তিপণ দাবী কৰিছিল ৷

অপহৰণকাণ্ডত ব্যৱহাৰ কৰা হৈছিল এখন ফৰ্চুনাৰ গাড়ী ৷ প্ৰসাদৰ পিতৃ ভৰত প্ৰসাদৰ এজাহাৰৰ ভিত্তিত গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪, ৩৪৩ আৰু ৩৬৫ ধাৰাৰ অধীনত এটা গোচৰো (নং ৯০৪/২০২২) পঞ্জীয়ন কৰে ৷ অপহৰণকাৰীয়ে ধন দাবী কৰা মোবাইল নম্বৰ ‘ট্ৰেক’ কৰি আৰক্ষীয়ে অভিযান চলায় আৰু কাহিলীপাৰাৰ পৰা ব্যৱসায়ী অৰবিন্দ কুমাৰ প্ৰসাদক উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে ব্যৱসায়ীগৰাকীক উদ্ধাৰ কৰাৰ লগতে হিমাংশু প্ৰসাদ বৈশ্যৰ সহযোগী প্ৰিন্স প্ৰাঞ্জল ওৰফে প্ৰাঞ্জল দাসক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হয় ।কিন্তু হিমাংশু শেখৰ বৈশ্য আৰু সঞ্জীৱ ডেকাসহ বাকীকেইজন অভিযুক্তক আৰক্ষীয়ে এতিয়ালৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখযোগ্য যে হিমাংশু শেখৰ বৈশ্য পূৰ্বে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ সৈতে জড়িত আছিল আৰু পিছত বিজেপিত যোগদান কৰি বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হয় ৷ তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকা ঘনিষ্ঠ হিচাপে পৰিচিত ৷

হিমাংশুৱে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হাজৰিকাৰ লগতে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক তৰংগ গগৈসহ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ প্ৰভাৱশালী মন্ত্ৰী-বিধায়কৰ সৈতে ঘনিষ্ঠভাৱে উঠা ফটো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে ৷ আনহাতে কংগ্ৰেছত থাকোঁতে এইগৰাকী হিমাংশু শেখৰ বৈশ্যই ২০১৫ চনত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱন আক্ৰমণ কৰিবলৈ যোৱা, বাজপেয়ী ভৱনৰ গেট জ্বলাই দিয়া আৰু বিজেপিৰ দলীয় পতাকাত অগ্নিসংযোগ কৰি ভৰিৰে মোহাৰি বিজেপি দলৰ বিৰুদ্ধে বক্তব্য ৰখাৰ ভিডিঅ’ও বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

এই ভিডিঅ’টোত তেওঁ কৈছিল, বিজেপি দলৰ সৈতে আমাৰ নীতি-আদর্শগত বিৰোধ আছে ঠিকেই, কিন্তু দলটোৰ নিষ্ঠাবান কৰ্মী-সমৰ্থকসকলৰ প্ৰতি আমি আন্তৰিকতাৰে শ্ৰদ্ধাশীল ৷ কাৰণ ভাৰতীয় গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ এইটোয়েই মাদকতা ৷ সেয়ে সকলো ৰাজনৈতিক দলে নীতি-নিষ্ঠা আৰু আদর্শলব্ধ ব্যক্তিৰ ওপৰত দলীয় বিষয়বাব প্ৰদান কৰাটো আমি কামনা কৰো ৷ কিন্তু হিমাংশু শেখৰ বৈশ্যৰ দৰে নীতি-আদর্শহীন আৰু অপৰাধৰ সৈতে জড়িত ব্যক্তিক বিজেপি দলে তেওঁলোকৰ যুৱ সংগঠনৰ সাধাৰণ সম্পাদকৰ দৰে পদত নিযুক্ত কৰা আৰু কয়লা চিণ্ডিকেটৰ সৈতে জড়িত থকা বিষয়ত দিছপুৰে পৃষ্ঠপোষকতা আগবঢ়োৱা কাৰ্যই বিজেপি দলৰ নীতি-আদর্শহীনতা আৰু মূল্যবোধহীন ৰাজনীতিৰ উদাহৰণ দাঙি ধৰিছে বুলি সংবাদমেলত অভিযোগ কৰে কংকন নাথে ৷

তেওঁ লগতে কয় য়ে, অপহৰণ-কাণ্ডটোৰ তদন্ত আৰক্ষী বিভাগে ঠিকেই আৰম্ভ কৰিছিল যদিও বিজেপি যুৱ মৰ্চাৰ নেতাৰ নাম সাঙোৰ খাই পৰাৰ পিছত তদন্ত প্ৰক্ৰিয়া পথচ্যুত হোৱা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ বিষয়টো গাপ দিবলৈ আৰক্ষীলৈ গৃহ বিভাগৰ পৰা হেঁচা দিয়া বুলি তেওঁলোকে জানিব পৰাৰ কথা সংবাদমেলত সদৰী কৰে কংকন নাথে ৷ নাথে আৰু কয় যে, উক্ত হেঁচাৰ পৰিপ্ৰেক্ষিতত ‘অপহৃত’ ব্যৱসায়ী অৰবিন্দ কুমাৰ প্ৰসাদে ১৪ অক্টোবৰত নিজৰ বক্তব্য সলনি কৰাৰ তথ্যও প্ৰকাশ পাইছে ৷

জাতীয় যুৱ শক্তিয়ে বিজেপি যুৱ মৰ্চাৰ নেতা কয়লা চিণ্ডিকেট আৰু অপহৰণৰ সৈতে জড়িত হোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে ‘অপৰাধী’ ৰাজনৈতিক নেতাক ৰক্ষণাবেক্ষণ নিদিবলৈ ৰাজ্য চৰকাৰৰ গৃহ বিভাগক আহ্বান জনাইছে ৷ নাথে কয় যে, এনে তৎপৰতাই ৰাজনীতিৰ অপৰাধীকৰণৰ প্ৰতি অৰিহণা যোগোৱাহে হ’ব ৷ জাতীয় যুৱ শক্তিয়ে উক্ত উপৰাধৰ সৈতে জড়িত হিমাংশু শেখৰ বৈশ্য আৰু সঞ্জীৱ ডেকাসহ বিজেপিৰ যুৱ নেতাকেইজনক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগৰাত থিয় কৰাবলৈ দাবী জনায় ৷

তেওঁলোকে লগতে এই সমগ্ৰ বিষয়টো অৱগত কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপেৰে বিজেপিৰ ‘অপৰাধী’ যুৱনেতাকেইজনক গ্ৰেপ্তাৰৰ দাবী জনায় আৰু বিজেপি নেতাৰদ্বাৰা কয়লা চিণ্ডিকেট চলি থকা সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰী কৰে জাতীয় যুৱ শক্তিয়ে ৷

লগতে পঢ়ক:Athkheliya Namghar controversy : আঠখেলীয়া নামঘৰত পুনৰ বিতৰ্ক

ABOUT THE AUTHOR

...view details