অসম

assam

By

Published : Nov 27, 2019, 12:34 PM IST

ETV Bharat / city

গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড আৰু মুম্বাই চিটিৰ মহাৰণ

বুধবাৰে বিয়লি 7:30 বজাৰ পৰা আৰম্ভ হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মুম্বাই চিটি এফ চিৰ মেচ ৷ মেচৰ পূৰ্বে দুয়ো দলে সৰুসজাই ষ্টেডিয়ামত কঠোৰ অনুশীলন কৰে ৷

গুৱাহাটীত দুই দলৰ মহাৰণ
নৰ্থ ইষ্ট ইউনাইটেড বনাম মুম্বাই চিটি

গুৱাহাটী, 27 নৱেম্বৰ : বুধবাৰে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত বিয়লি ৭.৩০ বজাত আৰম্ভ হ'ব আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ ৷ মেচখনত মুখামুখি হ'ব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মুম্বাই চিটি এফ চি ৷ মেচৰ পূৰ্বে সৰুসজাইৰ খেলপথাৰত দুয়ো দলে কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ৷ মুম্বাই চিটি এফ চিয়ে প্ৰশিক্ষক জৰ্গ ক'ষ্টাৰ উপস্থিতিত কঠোৰ প্ৰশিক্ষণ কৰে ৷ আনহাতে, ঘৰুৱা খেলপথাৰত নৰ্থ ইষ্ট দলে মেচত জয়ী হোৱাৰ লক্ষ্যৰে প্ৰশিক্ষণত অৱতীৰ্ণ হৈছে ৷

নৰ্থ ইষ্ট ইউনাইটেড বনাম মুম্বাই চিটি

উল্লেখ্য যে, দুখনকৈ খেলত জয়ী আৰু দুখনকৈ খেলত ড্ৰ'ৰে সমাপ্ত কৰা নৰ্থ ইষ্ট দলে মেচত জয়ৰ বাবে আত্মবিশ্বাসী হৈ আছে৷ ইয়াৰ বিপৰীতে আই এছ এলৰ চলিত সংস্কৰণত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই মুম্বাই দলে ৷ দলটোৰ বহুকেইগৰাকী খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবেও চিন্তিত হৈ পৰিছে মুম্বাই শিৱিৰ ৷

আৰু পঢ়ক : শ্ৰীহৰিকোটাৰ পৰা ইছৰোয়ে উৎক্ষেপন কৰিলে PSLV-C47

For All Latest Updates

ABOUT THE AUTHOR

...view details