অসম

assam

anganwadi centre allotment: অংগনৱাদী কেন্দ্ৰ আৱন্টনৰ নামত বৈষম্য

By

Published : Nov 25, 2021, 10:58 PM IST

আদৰ্শ অংগনবাদী কেন্দ্ৰৰ স্থানৰ নামত বৈষম্য শাসকীয় বি জে পি মিত্ৰজোঁট চৰকাৰৰ (assam government decision on model anganwadi center) ৷ শাসক দলৰ অধীনত থকা সমষ্টিত 11 টা কেন্দ্ৰ পৰিৱৰ্তে বিৰোধী দলৰ অধীনস্থ সমষ্টিত দুটাহে কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ ৷

injustice  in anganwadi center allotment
অংগনৱাদী কেন্দ্ৰ আৱন্টনৰ নামত বৈষম্য

গুৱাহাটী, ২৫ নৱেম্বৰ : সমগ্ৰ ৰাজ্যত সমাজ কল্যাণ বিভাগে মুকলি কৰিবলৈ লৈছে এহেজাৰটা আদৰ্শ অংগনবাদী কেন্দ্ৰ(anganwadi centre allotment) । ইতিমধ্যে সমাজ কল্যাণ সঞ্চালকালয়ৰ ফালৰ পৰা এই সম্পৰ্কীয় যাৱতীয় নিৰ্দেশনা জাৰি কৰাৰ লগতে কোনটো বিধানসভা সমষ্টিত বা কোনখন জিলাত কিমান সংখ্যক আদৰ্শ কেন্দ্ৰ নিৰ্মাণ কৰা হব সেই তালিকাও প্ৰকাশ কৰা হৈছে ।

অংগনৱাদী কেন্দ্ৰ আৱন্টনৰ নামত বৈষম্য

কিন্তু অতিকে লক্ষণীয় বিষয়টো হ'ল এই কেন্দ্ৰসমূহ আৱন্টনৰ ক্ষেত্ৰতো চৰকাৰখনে তীব্ৰ বৈষম্যৰ আশ্ৰয় লোৱাটো স্পষ্ট হৈ পৰিছে । মুখ্যমন্ত্ৰী সমন্বিতে বিজেপিৰ শীৰ্ষ নেতৃত্বই সততে এই মন্তব্য কৰি আহিছে যে সমষ্টিৰ উন্নয়ন সাধিবলৈ হ'লে বিধায়কগৰাকী শাসক দলৰ হ’বই লাগিব । অন্যথা স্থবিৰ হৈ পৰিব সমষ্টিৰ উন্নয়ন । মুখ্যমন্ত্ৰীৰ এনে মন্তব্য যেন পুনৰ সঁচা প্ৰমাণিত হ'ল ৷ শেহতীয়াকৈ বিভিন্ন সমষ্টিত স্থাপন কৰিবলৈ লোৱা আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ তালিকাখনেই এই প্ৰমাণৰ বাবে যথেষ্ঠ ।

অংগনৱাদী কেন্দ্ৰ আৱন্টনৰ নামত বৈষম্য

শাসক দলৰ অধীনত থকা সমষ্টিসমূহত দহ-এঘাৰটাকৈ অংগনৱাড়ী কেন্দ্ৰৰ আৱন্টন জনোৱাৰ বিপৰীতে বিৰোধীৰ দখলত থকা সমষ্টিসমূহত দুটাতকৈ অধিক কেন্দ্ৰৰ আৱন্টন দিয়া হোৱা নাই । উদাহৰণস্বৰূপে ইতিমধ্যে প্ৰকাশ কৰা প্ৰথমখন তালিকাত দেখা গৈছে শিৱসাগৰ জিলাত সৰ্বমুঠ ২৬ টা কেন্দ্ৰৰ আৱন্টন দিয়া হৈছে । কিন্তু বিৰোধী (ৰাইজৰ দল)ৰ দখলত থকা শিৱসাগৰ সমষ্টিত দিয়া হৈছে মাত্ৰ দুটা কেন্দ্ৰ । ইয়াৰ বিপৰীতে জিলাখনৰ বিজেপিৰ হাতত থকা মাহমৰা সমষ্টিত ১১ টা, সোনাৰি সমষ্টিত ১১ টা, মিত্ৰ দল অগপৰ হাতত থকা আমগুৰি সমষ্টিত ১১ টা, আনকি কংগ্ৰেছৰ পৰা কাঢ়ি নি নতুনকৈ বিজেপিয়ে দখল কৰা থাওৰা সমষ্টিতো ১১ টা কেন্দ্ৰ আৱন্টন দিয়া হৈছে ।

অংগনৱাদী কেন্দ্ৰ আৱন্টনৰ নামত বৈষম্য

জিলাখনৰ কংগ্ৰেছৰ দখলত থকা নাজিৰা সমষ্টিত আৱন্টন‌ দিয়া হৈছে মাত্ৰ দুটা কেন্দ্ৰ । ঠিক শিৱসাগৰ সমষ্টিৰ দৰে । কেৱল শিৱসাগৰ জিলাই নহয়, অনুৰূপ ঘটনা ঘটিছে আন সমষ্টিতো । এ আই ইউ ডি এফৰ হাতত থকা দলগাঁও সমষ্টিত দুটা কেন্দ্ৰ আৱন্টন দিয়াৰ বিপৰীতে বিজেপিৰ হাতত থকা ছিপাঝাৰ সমষ্টিত দিয়া হৈছে ১১ টা কেন্দ্ৰ । আন এটা সমষ্টি কলাইগাঁৱত । যিটো আছে বিৰোধী দল বি পি এফৰ দখলত । সেই সমষ্টিটোতো আৱন্টন দিয়া হৈছে মুঠ দুটা কেন্দ্ৰহে ।

লগতে পঢ়ক :প্ৰতিমাহৰ 10 তাৰিখে পালন কৰা হ’ব অংগনবাদী দিৱস

ABOUT THE AUTHOR

...view details