গুৱাহাটী, 24 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে মুকলি কৰা হ’ল ভাৰত-বাংলাদেশ বাণিজ্য প'ৰ্টেল (India Bangladesh trade portal launched in Guwahati) । বাংলাদেশ আৰু অসমৰ মাজত নদী পথেৰে বাণিজ্যৰ দিশটো অধিক সুচল কৰাৰ লক্ষ্যৰে বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড৹ মহম্মদ হাছান মামুদ আৰু অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত এই বাণিজ্য প'ৰ্টেলটো মুকলি কৰা হয় ৷
এই অনুষ্ঠানত অংশ লৈ চুবুৰীয়া ৰাষ্ট্ৰখনৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী গৰাকীয়ে কয় যে অসম আৰু বাংলাদেশৰ জনতাৰ মাজত ভালেখিনি সাদৃশ্য আছে । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, অসম আৰু বাংলাদেশ উভয়ৰে জনতা একেখন নদীৰে উপত্যকাৰ বাসিন্দা। যাক অসমত কোৱা হয় ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত এই একেখন নদীৰ নামেই হৈছে যমুনা । এই বাণিজ্যিক প'ৰ্টেলটোৱে নদী পথেৰে বাণিজ্যত আগ্ৰহী ভাৰত, বাংলাদেশ আৰু অসমৰ উদ্যোগী-ব্যৱসায়ীক বিশেষভাৱে উপকৃত কৰিব বুলি মত প্ৰকাশ কৰে বাংলাদেশৰ মন্ত্ৰীগৰাকীয়ে ।