অসম

assam

ETV Bharat / city

Impact of floods on fish farming: বানত বিপৰ্যস্ত ৰাজ্যৰ মীন অর্থনীতি; মীন খণ্ডত ১০০ কোটি টকাৰ লোকচান - Impact of floods on fish farming

শেহতীয়াকৈ হৈ যোৱা বানে ৰাজ্যবাসীৰ জীৱন যাত্ৰাত পেলাইছে নেতিবাচক প্ৰভাৱ (Negative impact on people of Assam) ৷ সমান্তৰালভাৱে ইয়ে প্ৰভাৱান্বিত কৰিছে ৰাজ্যৰ মীন পালকসকলক ৷ ৩২ খনকৈ জিলা প্লাবিত হোৱা এইবাৰৰ বান সৃষ্ট পৰিৱেশে সৰ্বস্বান্ত কৰিলে হাজাৰ হাজাৰ মীন পালকক(Floods devastated fishermen) । প্ৰায় প্ৰতিটো পুখুৰীৰ পৰাই বাঢ়নী পানীয়ে উলিয়াই নিলে লক্ষ লক্ষ টকাৰ মাছ ।

বানত বিপৰ্যস্ত ৰাজ্যৰ মীন অর্থনীতি : মীন খণ্ডত ১০০ কোটি টকাৰ লোকচান
বানত বিপৰ্যস্ত ৰাজ্যৰ মীন অর্থনীতি : মীন খণ্ডত ১০০ কোটি টকাৰ লোকচান

By

Published : Jul 20, 2022, 4:40 PM IST

গুৱাহাটী, ২০ জুলাই: ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ অন্ত পৰা নাই (Flood in Assam)। বানত সৰ্বহাৰা হোৱা লোকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে (Fishermen of Assam) । চলিত বানত ৰাজ্যৰ হাজাৰ হাজাৰ মীন পালকৰ অৱস্থা হৈ পৰিছে শোচনীয় ।

উল্লেখ্য যে মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনে স্বাৱলম্বনৰ দিশে গতি কৰাৰ সমান্তৰালকৈ লাখ লাখ নিবনুৱাই সংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হৈছিল । একপ্ৰকাৰ মীন বিপ্লৱে ৰাজ্যখনত এক নতুন দিগন্তৰ সূচনা কৰিছিল । কিন্তু শেহতীয়াকৈ দুটাকৈ বানে এইসকল মৎস্যপালকৰ অৱস্থা কৰি পেলালে দুৰ্বিষহ ।

বানত বিপৰ্যস্ত ৰাজ্যৰ মীন অর্থনীতি : মীন খণ্ডত ১০০ কোটি টকাৰ লোকচান

ৰাজ্যৰ ৩২ খনকৈ জিলা প্লাবিত হোৱা ৰাজ্যৰ শেহতীয়া বানে বহু মীন পালকৰ আৰ্থিক ক্ষেত্ৰত পেলাইছে ঋণাত্মক প্ৰভাৱ (Negative impact on people of Assam) ৷ ৰাজ্যৰ লক্ষাধিক খিলঞ্জীয়া মীনপালকৰ অৱস্থা আজি হৈ পৰিছে শোচনীয় । প্ৰায় প্ৰতিটো পুখুৰীৰ পৰাই বাঢ়নী পানীয়ে উলিয়াই নিলে লাখ লাখ টকাৰ মাছ । লগতে জুৰুলা কৰিলে মীনপালকৰ পৰিয়ালসমূহক । মাছ উৎপাদন কৰিয়েই জীৱন নিৰ্বাহ কৰি অহা লোকসকলে আজি পেটৰ ভাতমুঠিৰ বাবেই চিন্তা কৰিবলগীয়া হৈছে । শেহতীয়াকৈ হৈ যোৱা দুটাকৈ বানে কেৱল মীনপালকসকলকে সৰ্বস্বান্ত কৰাই নহয়, ৰাজ্যৰ মীন অর্থনীতিকো বিপর্যস্ত কৰিছে (Floods destroyed fisheries economy) ৷

বানত বিপৰ্যস্ত ৰাজ্যৰ মীন অর্থনীতি : মীন খণ্ডত ১০০ কোটি টকাৰ লোকচান

একো একোজন মীন পালকৰ লাখ লাখ টকাৰ মাছ বানত ওলাই গ'ল । এই টকা ঘূৰাই পোৱাৰ কোনো সম্ভাৱনা নাই । যিহেতু ইয়াত বীমাৰ কোনো ব্যৱস্থা নাই । বেংকৰ ঋণ নাথাকিলে বীমাৰ সুবিধা নাপায় । জানিব পৰা মতে বহু মীন পালকে আৰম্ভণিতে বেংকৰ ঋণ লৈ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ পাছত ঋণ অবিহনেই ব্যৱসায় চলাই আছিল । যাৰ ফলত ঋণ নোলোৱাৰ বাবে বীমাৰো সুবিধা পোৱা নাই । লাখ লাখ টকাৰ মাছৰ পোনা মেলি দিয়া পুখুৰীবোৰ আজি মাছ বিহীন হৈ পৰাত মূৰে-কপালে হাত দিব লগীয়া হৈছে মীন পালকসকলে ।

বানত বিপৰ্যস্ত ৰাজ্যৰ মীন অর্থনীতি : মীন খণ্ডত ১০০ কোটি টকাৰ লোকচান

উল্লেখ্য যে এইবাৰৰ বানে ৰাজ্যৰ ৩২ খন জিলাক বিধ্বস্ত কৰিছে । ধ্বংস হৈছে ঘৰ-দুৱাৰ, বাট-পথ, খেতিপথাৰকে ধৰি বহু আন্তঃগাঁথনি । কিন্তু ৰাজ্যৰ থলুৱা যুৱকসকলে বহু কষ্টৰে আৰম্ভ কৰা মীন অর্থনীতি যথেষ্ট ক্ষতিগ্ৰস্থ হোৱা পৰিলক্ষিত হৈছে । অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে বহুজনে গঢ় দিয়া এই ব্যৱসায় বানে ভাঙি পেলাইছে । চৰকাৰীভাৱে লাভ কৰা তথ্য অনুসৰি, এইবাৰ বানত প্ৰায় ডেৰ লাখ মীনপালক ক্ষতিগ্ৰস্থ হৈছে । তেওঁলোকে পুখুৰীবোৰত পালন কৰা সকলো মাছ বানপানীত বাহিৰলৈ ওলাই গৈছে । অর্থাৎ তেওঁলোকে প্ৰয়োগ কৰা সকলো বিনিয়োগ তথা পৰিশ্ৰম অথলে গ'ল ।

বানত বিপৰ্যস্ত ৰাজ্যৰ মীন অর্থনীতি : মীন খণ্ডত ১০০ কোটি টকাৰ লোকচান

চৰকাৰী তথ্য অনুসৰি এইবাৰৰ বানত মীন খণ্ডত হোৱা লোকচানৰ পৰিমাণ কমেও ১০০ কোটি টকা । কেৱল জুন মাহৰ বানতেই ৰাজ্যৰ প্ৰায় ৯৫ হেজাৰ মীনপালকে কমেও ৬৫ কোটি টকাৰ লোকচান ভৰিছে । এয়া আছিল দ্বিতীয়টো বান। ইয়াৰ পূৰ্বে অহা প্ৰথমটো বানেও মীন অর্থনীতিক জুৰুলা কৰি পেলাইছিল । চৰকাৰী সূত্ৰই জানিবলৈ দিয়া অনুসৰি এইবাৰৰ বানত বৰপেটা জিলাত সৰ্বাধিক প্ৰায় ২৫ হেজাৰ, দৰঙত ২২ হেজাৰ, কৰিমগঞ্জত ২০ হেজাৰ, নলবাৰীত ১২ হেজাৰ, কামৰূপত ১২ হেজাৰ, কাছাৰত প্ৰায় ১০ হেজাৰ আৰু গোৱালপাৰাত প্ৰায় ৬ হেজাৰ মীনপালক ক্ষতিগ্ৰস্থ হৈছে ।

বানত বিপৰ্যস্ত ৰাজ্যৰ মীন অর্থনীতি : মীন খণ্ডত ১০০ কোটি টকাৰ লোকচান

এইসকল মীনপালকক কেনেদৰে সাহায্য প্ৰদান কৰিব পৰা যাব সেই সম্পৰ্কে চৰকাৰে বৰ্তমানলৈকে কোনো সুপৰিকল্পিত আঁচনি যুগুত কৰা নাই । জানিব পৰা মতে বৰ্তমান চৰকাৰে জিলাভিত্তিক তথ্যসমূহ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে । এই কাম সম্পূৰ্ণ হোৱাৰ পিচত হয়তো নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ-সাহায্যও এই মীনপালকসকললৈ আগবঢ়োৱা হ'ব। কিন্তু চৰকাৰী অর্থ সাহায্যই মীনপালকসকলৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰি লাভৰ মুখ দেখুৱাব পাৰিব নে নোৱাৰে সেই সন্দৰ্ভত মীনপালকসকলৰ মাজত অনিশ্চয়তা অব্যাহত আছে ।

লগতে পঢ়ক:মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বটদ্ৰৱাৰ ফাৰুকৰ

ABOUT THE AUTHOR

...view details