গুৱাহাটী,1 মে': সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো দ্ৰুতগামী হৈছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ নিতৌ প্ৰতিখন জিলাৰ পৰা আহিবলৈ ধৰিছে ক’ভিড-19 ৰ সংক্ৰমণ আৰু ক’ভিড ৰোগীৰ মৃত্যুৰ খবৰ ৷ ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰাথমিক পদক্ষেপ হিচাপে মাস্ক পৰিধান আৰু সঘনাই হাত ধোৱা বা হাত ছেনিটাইজ কৰাৰ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য় বিভাগে ৷ ইতিমধ্যে বজাৰত উপলব্ধ হৈ পৰিছে বিভিন্ন ধৰণৰ মাস্ক ৷ ইয়াৰ ভিতৰত সূলভ হৈছে ছাৰ্জিকেল মাস্ক ৷ বজাৰত প্ৰতিখন ছাৰ্জিকেল মাস্কৰ খুচুৰা মূল্য প্ৰায় 10 টকা ৷ কিন্তু এই ধৰণৰ মাস্কৰ মূল্যৰ আঁৰত আছে গ্ৰাহকক আচৰিত কৰি তোলা এক কাহিনী ৷
ছাৰ্জিকেল মাস্কৰ দামৰ নামত ৰাজ্যৰ ব্যাপক লুন্ঠন - ক’ভিড
ৰাজ্যত চলিছে মাস্কৰ বেহাৰ নামত বৃহৎ লুন্ঠন ৷ ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে লুণ্ঠনৰ তথ্য ৷ কৰ’ণাৰ সময়ত মাস্কৰ কেলেংকাৰীক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী একাংশৰ ৷
ৰাজ্যত চলিছে মাস্কৰ বেহাৰ নামত বৃহৎ লুন্ঠন ৷ ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে লুন্ঠনৰ তথ্য ৷ কৰ’ণাৰ পৰা বাচিবলৈ আপুনি সাধাৰণতে ব্যৱহাৰ কৰা এখন ছাৰ্জিকেল মাস্কৰ দাম প্ৰকৃততে কিমান আপুনি জানেনে ? ১০ টকা দি ফাৰ্মাচী অথবা সাধাৰণ দোকানৰ পৰা ক্ৰয় কৰা ছাৰ্জিকেল মাস্কখনৰ প্ৰকৃত দাম শুনিলে চকু কপালত উঠিব । ৩ টকাকৈ পাইকাৰী দৰত ক্ৰয় কৰা এই মাস্কৰ দাম খুচুৰাকৈ বিক্ৰী হয় ১০ টকা দৰত । কৰ’ণাতংকৰ সুযোগ লৈ একাংশ ব্য়ৱসায়ীয়ে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ৰাইজক জুৰুলা কৰাৰ মাজতে আন একাংশ অসাধু ব্যৱসায়ীয়ে মাস্কৰ নামতো যে লুটি-পুতি খাইছে সেই কথা কোনেও ভাবিবকে নোৱাৰে । এইসকল ব্যৱসায়ীৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য় স্বাস্থ্য বিভাগক একাংশই দাবী জনাইছে ৷