গুৱাহাটী, 7 জুন :আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল(HSLC Exam Results 2022) । এইবাৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰিব (HSLC result websites)। পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব । পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰিব লাগিব ।
এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত মুঠ ৪,৩১,১৩২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৪,১৯,৮৮৭ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী । সেইদৰে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ১১,২৪৫ গৰাকী শিক্ষাৰ্থী । ইয়াৰে ৪,১৯৯ জন ছাত্ৰ আৰু ৭,০৪৬ গৰাকী ছাত্ৰী । ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা বেছি ।