গুৱাহাটী, ১৮ ডিচেম্বৰ: অসমৰ পৰ্যটন ক্ষেত্ৰক উজ্জীৱিত কৰাৰ উদ্দেশ্যে পৰ্যটন বিভাগে আন এক নতুন উদ্যোগ গ্ৰহণ কৰিছে । জনতা ভৱনত বৃহস্পতিবাৰে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী বিমল বৰাই পৰ্যটন আৰু বন বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে বন বিভাগে দীপৰ বিলত হাউচ ব'ট স্থাপনৰ অনুমতি প্ৰদান কৰিব(Houseboat to be installed in Dipor Bil) । যাৰ ফলত ঐতিহাসিক দীপৰ বিলত পৰ্যটনৰ সম্ভাৱনীয়তা পূৰ্বতকৈ অধিক উন্নত হ'ব ৷
ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যৌথ উদ্যোগত (Public private partnership) আৰ্হিত পৰিচালিত হ'বলগীয়া হাউচ ব'টসমূহ স্থাপনৰ বাবে ২০ টা উপযুক্ত স্থান চিনাক্ত কৰিবলৈ মন্ত্ৰী বৰাই বিষয়াসকলক নিৰ্দেশ দিয়ে ।