গুৱাহাটী, ২১ এপ্ৰিল : অসমলৈ অহা প্ৰতিগৰাকী ৰেলযাত্ৰী আৰু বিমানযাত্ৰীৰ সাত দিনৰ "হোম কোৱাৰেন্টাইন" বুধবাৰৰ পৰা বাধ্যতামূলক কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই তাৎক্ষনিকভাবে কাৰ্যকৰী হোৱাকৈ বুধবাৰে এই সম্পৰ্কীয় জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ।
ৰেল-বিমানযাত্ৰীৰ বাবে সাত দিনৰ কোৱাৰেন্টাইন বাধ্য়তামূলক - ৰেল ষ্টেচন
ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য় বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ ৰেল আৰু বিমানযাত্ৰীৰ বাবে 7 দিনৰ 'হোম কোৱাৰেন্টাইন' বাধ্যতামূলক ৷
ৰেল-বিমানযাত্ৰীৰ বাবে সাত দিনৰ কোৱাৰেন্টাইন বাধ্য়তামূলক
সেই অনুসৰি বিমান বন্দৰ আৰু ৰেল ষ্টেচন সমূহত অসমলৈ অহা যাত্ৰীৰ ক'ভিড পৰীক্ষা কৰাৰ পিছত ফলাফল নিগেটিভ হ'লেও সকলোৱে বুধবাৰৰ পৰা সাত দিনৰ 'হোম কোৱাৰেন্টাইন'ত থাকিব লাগিব । উল্লেখ্য যে, চিকিৎসাজনিত কাৰণত অসমলৈ ঘূৰি অহা ৰোগীৰ ক্ষেত্ৰত এই নিৰ্দেশ শিথিল কৰা হৈছে ।
লগতে পঢ়ক:ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি