গুৱাহাটী, 22 জানুৱাৰী: গুৱাহাটী পৌৰ নিগমে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত বিভিন্ন পক্ষৰ ওজৰ আপত্তিৰ শুনানী গ্ৰহণ কৰা হয় (Hearing on ward extension of GMC) । উল্লেখ্য যে যোৱা ৭ জানুৱাৰীত গুৱাহাটী পৌৰ নিগম কতৃপক্ষই জাননী নম্বৰ GCL/02/2022/03 জৰিয়তে পূৰ্বৰ পৌৰ নিগমৰ ৩১ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ সম্পৰ্কত নিদেৰ্শনা জাৰি কৰিছিল ।
ৰাইজে পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ সম্পৰ্কত অহা ১৯ জানুৱাৰীৰ ভিতৰত ওচৰ আপত্তি দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছিল । সেইমৰ্মে শনিবাৰৰ দিনটো গুৱাহাটী পৌৰ নিগমে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ সম্পৰ্কত বিভিন্ন পক্ষৰ ওচৰ আপত্তিৰ শুনানীৰ বাবে নিৰ্দ্ধাৰণ কৰিছিল । গুৱাহাটী পৌৰ নিগমে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ সম্পৰ্কত বিভিন্ন পক্ষৰ ওচৰ আপত্তিৰ শুনানী গ্ৰহণৰ সময়ত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত উপস্থিত আছিল ।
শুনানীত বি জে পি, কংগ্ৰেছ, অগপ, অসম জাতীয় পৰিষদৰ প্ৰতিনিধিৰ লগতে মহানগৰীৰ বিভিন্ন উন্নয়ন সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে । গুৱাহাটী পৌৰ নিগমে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ সম্পৰ্কত ২০ টা পক্ষৰ পৰা ওচৰ আপত্তি দাখিল কৰা হৈছিল । ইয়াৰে ১১ টা পক্ষৰ প্ৰতিনিধি সকল শুনানীত অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় । এই শুনানীৰ ভিত্তিত পৌৰ নিগম কতৃপক্ষই পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ।