অসম

assam

ETV Bharat / city

মিছন স্মাইলৰ অধীনত ২১,৩০০ শিশুৰ মুখত হাঁহি - শিশুৰ ফটা ওঁঠ তালু

গুৱাহাটী ক্লেফ্ট কেয়াৰ চেণ্টাৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ । উজনি অসম-বৰাকতো শিশুৰ ফটা ওঁঠ-তালুৰ চিকিৎসা কেন্দ্ৰ (Guwahati Cleft Surgery Mission) মুকলিৰ পৰিকল্পনা চৰকাৰৰ । শিশুৰ পিতৃ-মাতৃ, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সৈতে মত বিনিময় কৰি মিছন স্মাইলৰ অধীনত তেওঁলোকৰ ওঁঠ-তালুৰ জন্মগত ফাট আঁতৰোৱাৰ বাবে লোৱা কাৰ্যব্যৱস্থাৰ বিষয়ে বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

Health Minister Keshab Mahanta Visit Guwahati Cleft Surgery Mission at Mahendra Mohan Choudhury Hospital
মিছন স্মাইলৰ অধীনত ২১,৩০০ শিশুৰ মুখত হাঁহি

By

Published : Dec 17, 2021, 10:49 PM IST

গুৱাহাটী, ১৭ ডিচেম্বৰ : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়(Mahendra Mohan Choudhury Hospital))স্থিত ক্লেফ্ট কেয়াৰ চেণ্টাৰ(Guwahati Cleft Surgery Mission) পৰিদৰ্শন কৰে ৷ মন্ত্ৰীগৰাকীয়ে 'মিছন স্মাইল'(Mission Smile scheme)ৰ অধীনত ৰাজ্যৰ ওঁঠ-তালু ফটা শিশুসকললৈ আগবঢ়োৱা চিকিৎসা সেৱাৰ বুজ লয় ৷ উল্লেখ্য যে, অসম চৰকাৰ আৰু 'স্মাইল ইণ্ডিয়া'ৰ যৌথ সহযোগিতাত পৰিচালিত কেন্দ্ৰটোৱে ২০১০ চনৰ পৰা জন্মগতভাৱে ওঠ-তালু ফটা(Cleft lip and palate) শিশুসকলক বিনামূলীয়াকৈ অস্ত্ৰোপচাৰেৰে সুস্থ কৰি তোলাৰ লগতে তেওঁলোকৰ মুখলৈ হাঁহি বিৰিঙোৱাৰ মহত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে ।

মিছন স্মাইলৰ অধীনত ২১,৩০০ শিশুৰ মুখত হাঁহি

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোত ১৪ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চলি থকা 'সপ্তদশ গুৱাহাটী শিশুৰ ফটা ওঁঠ-তালুৰ অস্ত্ৰোপচাৰ অভিযানো' পৰ্যবেক্ষণ কৰে । স্বাস্থ্যমন্ত্ৰী মহন্তই শিশুৰ ওঁঠ-তালুৰ ফাট যতন কেন্দ্ৰৰ অস্ত্ৰোপচাৰ কক্ষও পৰিদৰ্শন কৰি চিকিৎসাধীন শিশুসকলক দেখা কৰাৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সৈতে মত বিনিময় কৰে ৷ তেওঁ মিছন স্মাইলৰ অধীনত তেওঁলোকৰ ওঁঠ-তালুৰ জন্মগত ফাট আঁতৰোৱাৰ বাবে লোৱা কাৰ্যব্যৱস্থাৰ বিষয়েও খবৰ কৰে ।

মিছন স্মাইলৰ অধীনত ২১,৩০০ শিশুৰ মুখত হাঁহি

কেন্দ্ৰটো পৰিদৰ্শনকালতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্মাইল ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কনৰাড ডেনিছ, এম এম চি এইচৰ অধীক্ষক ডাঃ কুমুদ ডেকা আৰু মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কে কে ডেকাৰ লগতে কেন্দ্ৰ পৰিচালক চিকিৎসকৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ তেওঁ মিছন স্মাইলৰ অধীনত কৰা শিশুসকলৰ তালু-ওঁঠৰ ফাটৰ অস্ত্ৰোপচাৰ সন্দৰ্ভত তেওঁলোকৰ লগত বিতং ভাৱে আলোচনা কৰে । আলোচনাকালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিগত ১১ বছৰত মিছন স্মাইলৰ অধীনত কেন্দ্ৰটোৱে জন্মগত ফটা ওঁঠ-তালুৰ প্ৰায় ২১,৩০০ শিশুৰ লগতে তেওঁলোকৰ পৰিয়ালৰ মুখতো হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাৰ বাবে কেন্দ্ৰটোৰে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

মিছন স্মাইলৰ অধীনত ২১,৩০০ শিশুৰ মুখত হাঁহি

২০০৯ চনতে অসমত এই মহত্বপূৰ্ণ প্ৰকল্প কৰাৰ ক্ষেত্ৰত লোৱা বিশেষ উদ্যোগৰ বাবে পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও স্বাস্থ্যমন্ত্ৰী মহন্তই কৃতজ্ঞতা জনায় । আনহাতে উজনি অসম আৰু বৰাক উপত্যকাৰ দুখীয়া পৰিয়ালৰ এনে শিশুসকলক গুৱাহাটীলৈ নহাকৈ ওচৰতে মিছন স্মাইলৰ অধীনৰ সেৱা আগবঢ়োৱাৰ বিষয়েও বিবেচনা কৰি থকা বুলি আলোচনাকালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । ইয়াৰ বাবে আন্তঃগাঠনি আৰু মানৱসম্পদৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অধ্যয়ন কৰি স্বাস্থ্য বিভাগে উদ্যোগ লোৱাৰো ইংগিত দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :Brahmaputra utsav 2021: বৰ্ণাধ্য কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details