অসম

assam

ETV Bharat / city

হিমাচলৰ পাহাৰীয়া নদীত উটি গ'ল গুৱাহাটীৰ যুৱতী - গুৱাহাটীৰ ফাঁচীবজাৰ

কুলু নৈত উটি গ'ল গুৱাহাটীৰ ফাঁচীবজাৰৰ যুৱতী ৷ ফাঁচীবজাৰত শোকৰ ছাঁ ৷

দুৰ্ভগীয়া যুৱতীগৰাকী

By

Published : Oct 16, 2019, 11:58 PM IST

গুৱাহাটী, ১৬ অক্টোবৰ: হিমাচল প্ৰদেশৰ মণিকৰ্ণ উপত্যকাত পাহাৰীয়া কুলু নৈত উটি গ'ল গুৱাহাটীৰ এগৰাকী যুৱতী । যুৱতীগৰাকী গুৱাহাটীৰ পৰা হিমাচল প্ৰদেশৰ কুলুলৈ অৱসৰ বিনোদনৰ বাবে যোৱা প্ৰিয়ংকা জৈন বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীৰ মুকেশ জৈন নামৰ লোকজনৰ পৰিয়ালটো অসমৰ পৰা হিমাচলত ভ্ৰমণৰ বাবে গৈছিল।

জানিব পৰা মতে,আন এগৰাকী যুৱতীসহ মণিকৰ্ণ উপত্যকাৰ এখন পাহাৰীয়া নদীৰ পানী যুঁৱলিৰ পাৰত বহি মনোৰম দৃশ্য উপভোগ কৰি থাকোতেই শিলত পিছলি খৰস্ৰোতা নদীৰ পানীত পৰি নিখোজ হয় দুয়োগৰাকী যুৱতী। যুৱতী দুগৰাকীক বিচাৰি উদ্ধাৰকাৰী দলে নদীৰ বুকুত ততালিকে অভিযান চলায় যদিও এগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেও মুকেশ জৈনৰ কন্যা প্ৰিয়ংকা জৈনক উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা নাই উদ্ধাৰকাৰী দল।

এই ঘটনা সংঘটিত হোৱা হিমাচলৰ জিলাখনৰ আৰক্ষী অধীক্ষক গৌৰৱ সিনহাই জনোৱা অনুসৰি ঘটনাৰ খবৰ লাভ কৰিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নদীৰ বুকুত যুৱতীগৰাকীৰ সন্ধান অব্যাহত ৰাখিছে । উল্লেখ্য যে, যুৱতীগৰাকীৰ লগত থকা কমল নামৰ এজন লোকে স্থানীয় আৰক্ষীক এই খবৰ দিছিল আৰু আৰক্ষীয়ে তেতিয়াৰে পৰা উদ্ধাৰ অভিযান চলাই আছে। যুৱতীগৰাকী মহানগৰীৰ ফাঁচীবজাৰৰ কেডাৰ ৰোডৰ জৈন গলিৰ বাসিন্দা আছিল। এই ঘটনাৰ পিছত ফাঁচীবজাৰৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

ABOUT THE AUTHOR

...view details