অসম

assam

ETV Bharat / city

2nd medical college in Guwahati: গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ভূমি পূজন - Guwahati Will Emerge As Leader In Health Sector In South Asia

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালৰ নিৰ্মাণৰ কাম-কাজ ভূমি পূজনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (CM perform Bhumi pujan of 2nd medical college in Guwahati) ৷ উল্লেখ্য যে কালাপাহাৰ চৌহদ আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ এই উদ্যোগ লোৱা হৈছে ৷

as-ghy-03-cm-bhumipujan-2-nd-medical-college-at-ghy-7210645
গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ভূমি পূজন কৰিলে মুখ্যমন্ত্ৰীয়ে

By

Published : Feb 14, 2022, 10:49 PM IST

গুৱাহাটী, 14 ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালৰ নিৰ্মাণৰ কাম-কাজ ভূমি পূজনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (CM perform Bhumi pujan of 2nd medical college in Guwahati) ৷ উল্লেখ্য যে কালাপাহাৰ চৌহদ আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ এই উদ্যোগ লোৱা হৈছে ৷ ৬২ বিঘা ভূমি সামৰি মহানগৰীৰ এই দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় ৯৯৮.৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব ৷

এই চিকিৎসা মহাবিদ্যালয়ত বছৰি ১০০ গৰাকী এমবিবিএছ শিক্ষাৰ্থীয়ে নামভৰ্ত্তিৰ সুবিধা লাভ কৰিব ৷ চিকিৎসা মহাবিদ্যালয়খনৰ কালাপাহাৰ চৌহদত শৈক্ষিক আৰু প্ৰশাসনীয় ভৱন, ৪৮০ খন বিছনা, ৭ টা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ, ৪৬ খন আই চি ইউ বিছনা, ৪৫০ গৰাকী শিক্ষাৰ্থীৰ বাবে আৱাসগৃহ, ১০০ গৰাকী ইণ্টাৰ্নৰ বাবে আৱাসগৃহ তথা চিকিৎসক আৰু নাৰ্চৰ বাবে পৰ্যাপ্ত আৱাসগৃহ থাকিব ৷

আনহাতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চৌহদত ৮০০ খন বিছনা, ১০০ খন আই চি ইউ বিছনা, মেডিচিন, শল্য চিকিৎসা তথা অন্যান্য বিভাগৰ চিকিৎসাৰ সুবিধা, পেথ’ল’জীৰ বাবে পৰীক্ষাগাৰসহ অত্যাধুনিক ৰোগ নিৰ্ণয়ৰ সুবিধা, ২০ খন বিছনাৰ সৈতে ডায়েলাইচিছ ইউনিট, ১১ টা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ তথা চিকিৎসক আৰু নাৰ্চৰ বাবে পৰ্যাপ্ত আৱাসৰ সুবিধা সন্নিৱিষ্ট হ’ব ৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোক ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ বাবে এক উল্লেখযোগ্য দিন হিচাপে অভিহিত কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসা মহাবিদ্যালয়খনৰ নাম প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হিচাপে নামাকৰণ কৰা হ’ব আৰু অহা ৩ বছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব ৷

এই চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য যাতে খৰতকীয়াকৈ সমাপ্ত কৰিব পৰা যায়, তাৰ বাবে ইয়াক বিশেষ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছে ৷ চলিত বছৰতে এইমছত চিকিৎসা সেৱা প্ৰদানৰ কাম আৰম্ভ হ’ব বুলিও তেওঁ কয়৷ এই তিনিওখন চিকিৎসা মহাবিদ্যালয় ত্ৰিবেনী সংগম হিচাপে পৰিগণিত হ’ব বুলিও তেওঁ কয় ৷ ইয়াৰ বাবে তিনিওখন চিকিৎসা মহাবিদ্যালয়ৰ সংযোগ সাধনেৰে পথ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয় ৷ মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ সভ্যতা-সংস্কৃতি পৰিপন্থী নাম থকা গাঁও অথবা স্থানীয় এলেকাৰ নাম সলনি কৰাৰ বাবে ৰাজ্য চৰকাৰে এটা নতুন প’ৰ্টেল মুকলি কৰিব ৷

লগতে পঢ়ক :ডিব্ৰুগড় পৌৰসভা কিয় হোৱা নাই পৌৰ নিগমলৈ উন্নীত ?

পঞ্চাশৰ দশকত ডিব্ৰুগড়ত, ষাঠিৰ দশকত গুৱাহাটীত আৰু সত্তৰৰ দশকত শিলচৰত স্থাপন কৰা মাত্ৰ তিনিখন মেডিকেল কলেজত ৩০০ ছাত্ৰ-ছাত্ৰীয়েহে এম বি বি এছত অধ্যয়ন সুযোগ লাভ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাট, বৰপেটা, তেজপুৰ আৰু ডিফুত চিকিৎসা মহাবিদ্যালয় আৰম্ভ হোৱাৰ লগে লগে ৭ খনলৈ বৃদ্ধি পাইছে ৷

কাইলৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰম্ভ হোৱাৰ লগে লগে ইয়াৰ সংখ্যা ৮ খনলৈ বৃদ্ধি পাব বুলিও তেওঁ কয় ৷ ২০২৩ চনত ধুবুৰী, ২০২৪ চনত কোকৰাঝাৰ আৰু নলবাৰীত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যখনে ১১ খন চিকিৎসা মহাবিদ্যালয় লাভ কৰিব বুলি তেওঁ কয় ৷ ২০২৫ চনত নগাঁও আৰু তিনিচুকীয়া, ২০২৬ চনত বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈ উঠিলে ৰাজ্যখনত ১৪ খনলৈ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ৷

চলিত বছৰত আৰু ৫ খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম হাতত লোৱা হৈছে৷ অহা বাজেটত শিৱসাগৰ আৰু কৰিমগঞ্জত দুখন চিকিৎসা মহাবিদ্যালয় আৰু পৰৱৰ্তী পৰ্যায়ত গোৱালপাৰতো এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ৷ অহা নৱেম্বৰ মাহত এইমছ মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয় ৷

লগতে পঢ়ক :Municipal Election 2022: ভাগত কমকৈ পৰাৰ বাবেই ‘একলা চলো’ নীতি অগপৰ

মুখ্যমন্ত্ৰীয়ে কয় যে ১৭ খন কৰ্কট হাস্পতালৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ ইয়াৰে ৭ খন হাস্পতাল একেলগে অহা এপ্ৰিলত মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনোৱা হৈছে বুলিও তেওঁ কয় ৷ এইমছ উদ্বোধন, গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’লে বৰ্তমানৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সহ এই প্ৰতিষ্ঠান কেইখনে চিকিৎসা খণ্ডত নতুন দিগন্তৰ সূচনা কৰিব আৰু গুৱাহাটীক দক্ষিণ পূৱ এছিয়াৰ স্বাস্থ্য পৰ্যটনৰ এক উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় (Guwahati will emerge as leader in health sector in South Asia) ৷

চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাইও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ডাঃ লক্ষ্মনন এছ, গড়কাপ্টানি (গৃহ) বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী প্ৰমুখ্যে বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক :Municipal Election 2022: টিকট পায়ো নিৰ্বাচনত অৱতীৰ্ণ নহয় বিজেপি নেত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details