অসম

assam

ETV Bharat / city

ছাত্ৰীক নিৰ্যাতন কৰি সাৰি যাব নোৱাৰিব শিক্ষক !

24জুলাইত ছাত্ৰীক নিৰ্যাতন কৰা শিক্ষক বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কৰিছে তদন্ত ৷

By

Published : Jul 31, 2019, 2:44 PM IST

ছাত্ৰীক নিৰ্যাতন কৰি শাৰী যাব নোৱাৰিব শিক্ষক

গুৱাহাটী,31জুলাই : গুৱাহাটী মহানগৰীত সংঘটিত হয় জঘন্য কাণ্ড ৷ গুৰুৰ হাতত নিৰ্যাতিতা হয় এগৰাকী ছাত্ৰী ৷ ঘটনাটো সংঘটিত হৈছিল 24জুলাইত ৷ ভাৰ্বিত চন্দ্ৰ দাস নামৰ শিক্ষকগৰাকীয়ে গৰাকীক ছাত্ৰীক অকলশৰে পাই নিৰ্যাতনৰ চেষ্টা চলায় ৷ ইফালে, এই ঘটনাৰ পাছতে ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰে ৷ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত গীতানগৰ আৰক্ষীয়ে ৩০৫/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে । কিন্তু বৰ্তমানেও অত্মগোপন কৰি আছে অভিযুক্ত শিক্ষক ভাৰ্বিত চন্দ্ৰ দাসে ৷

ছাত্ৰীক নিৰ্যাতন কৰি শাৰী যাব নোৱাৰিব শিক্ষক


উল্লেখযোগ্য যে আত্মগোপন কৰি থকা শিক্ষকগৰাকীৰ সন্ধানত নামি পৰিছে মহানগৰ আৰক্ষী । ইয়াৰোপৰি, অভিযুক্ত শিক্ষকগৰাকীয়ে অগ্ৰিম জামিন নোপোৱাৰো ব্যৱস্থা কৰিছে মহানগৰী আৰক্ষীয়ে । মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ভাষ্য, আত্মগোপন কৰি একো লাভ নহ'ব শিক্ষকগৰাকীৰ । অতি শীঘ্ৰে শিক্ষকজনক কৰায়ত্ত কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details