অসম

assam

ETV Bharat / city

অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত মহানগৰীত প্ৰতিবাদ - ভাৰতীয় কমিউনিষ্ট পাৰ্টী

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীৰে বুধবাৰে উত্তাল হৈ পৰে গুৱাহাটী মহানগৰীৰ ৰটাৰী ক্লাৱ ৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ বাবে দাবী জনায় সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

CPIM Protest guwahati
অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত উত্তাল গুৱাহাটী মহানগৰী

By

Published : Nov 4, 2020, 8:55 PM IST

গুৱাহাটী,4নৱেম্বৰ:বুধবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীৰে উত্তাল হৈ পৰে গুৱাহাটী মহানগৰীৰ ৰটাৰী ক্লাৱ ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায় ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সম্প্ৰতি পিয়াজ, আলু, শাক-পাচলি, তেল,দাইল আদিকে ধৰি প্ৰায় আন বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তীব্ৰ হাৰত বৃদ্ধি পাইছে ৷ যোগান বিভাগ তথা চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে ক্ষোভিত হৈ পৰে কমিউনিষ্ট পাৰ্টীৰ সদস্য সকল ৷ সদস্য সকলে অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ অন্যথা সমগ্ৰ মহানগৰী উত্তাল হৈ পৰিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, দেশ তথা ৰাজ্যত কৰ'ণা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ মাজতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ জনসাধৰণক ৷

অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত উত্তাল গুৱাহাটী মহানগৰী

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি প্ৰতিবাদকাৰীসকলে কয় যে, কেন্দ্ৰীয় চৰকাৰে এনে কেতবোৰ পদক্ষেপ লৈছে যিয়ে এই আকাশলংঘী মূল্যবৃদ্ধিক প্ৰত্যক্ষভাৱে উদগণি দিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ আইনখন সংশোধন কৰি চৰকাৰে পিয়াজ, আলু, তেল, দাইল, আদিৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীক এই অত্যাৱশ্যকীয় আইনৰ পৰিধিৰ পৰা বাদ দিছে আৰু এইবোৰ সামগ্ৰীৰ মজুতৰ ওপৰত উর্ধসীমা উঠাই দিছে । ফলত ব্যৱসায়ী সকলে এই সামগ্ৰীবোৰৰ মূল্য নিজ ইচ্ছামতে বৃদ্ধি কৰিছে ৷ পেট্টল, ডিজেলৰ মূল্যবৃদ্ধিয়ে ইতিমধ্যে মাধমাৰ সোধাইছে সাধৰণ জনতাক ৷ ইয়াৰ বাবে চৰকাৰ সম্পূৰ্ণ দায়ী বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷

ইফালে,ৰাজ্যৰ বজাৰসমূহত চলি থকা ছিণ্ডিকেটৰ দৌৰাত্ম্যই পৰিস্থিতিক অধিক বেয়া কৰিছে বুলি মন্তব্য কৰি প্ৰতিবাদকাৰী সকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ তথা যুদ্ধকালীন তৎপৰতাৰে কার্যকৰী কৰাৰ বাবে স্মাৰক পত্ৰযোগে চৰকাৰৰ ওচৰত দাবী জনায় ।

অন্য এক খবৰৰ বাবে: নলবাৰীত পথ দুৰ্ঘটনাঃ আহত 3

ABOUT THE AUTHOR

...view details