গুৱাহাটী, 29 নৱেম্বৰ: পোহৰলৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীনতা ৷ প্ৰশ্নকাকত বিভ্ৰান্তিৰ বাবে বাতিল কৰিবলৈ বাধ্য হ’ল স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা ৷ পৰীক্ষাসূচী অনুসৰি আজি অনুষ্ঠিত হ’বলগীয়া আছিল ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষা ৷ কিন্তু পৰীক্ষাৰ 15 মিনিট পাচতেই অথন্তৰ ৷ পৰীক্ষা প্ৰশ্নকাকতত ‘‘ভাৰতীয় ৰাজনীতি’’ আৰু‘‘আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক’’দুটা ভাগত বিভক্ত থাকিব লাগে । কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো কলেজতে এই দুটা পাঠ্যক্ৰমৰ এটাহে পঢ়োৱা হৈছিল ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীন কাণ্ড - Gauhati University Political Science 3rd sem exam cancel
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীনতা । প্ৰশ্নকাকত বিভ্ৰান্তিৰ বাবে বাতিল স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা । শুকুৰবাৰে পৰীক্ষাসূচী অনুসৰি ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষা আছিল ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্ব জ্ঞানহীনতা কাণ্ড
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ অধিকাংশ মহাবিদ্যালয়ত কেৱল পঢ়োৱা হৈছিল ভাৰতীয় ৰাজনীতি বিষয়টো ৷ কিন্তু প্ৰশ্নকাকতত অন্তৰ্ভুক্তয়ে নহ’ল এই বিষয়টো । যাৰ বাবে পৰীক্ষাগৃহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীৰ মাজত । যাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে দায়িত্বজ্ঞানহীনতাৰ বাবে ফল ভূগিবলগীয়া হয় প্ৰশিক্ষাৰ্থীসকল । পৰীক্ষাৰ 15 মিনিট পাচতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশ মৰ্মে বাতিল কৰা হয় আজিৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষাটো ৷