অসম

assam

ETV Bharat / city

Government e-Market Portal: গুৱাহাটীত বিজেপি মহিলা মৰ্চাৰ জেম পৰ্টেলৰ প্রশিক্ষণ - Usha Bajpai BJP

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি মহিলা মৰ্চাৰ তৰফৰ পৰা জেম পৰ্টেল(Government e-Market portal GeM)ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । শুকুৰবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি জেম পৰ্টেলৰ বৰ্ণনা কৰে বিজেপি ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সদস্যা উষা বাজপেয়ীয়ে ।

গুৱাহাটীত বিজেপি মহিলা মৰ্চাৰ জেম পৰ্টেলৰ প্রশিক্ষণ
গুৱাহাটীত বিজেপি মহিলা মৰ্চাৰ জেম পৰ্টেলৰ প্রশিক্ষণ

By

Published : Dec 10, 2021, 10:55 PM IST

গুৱাহাটী, ১০ ডিচেম্বৰ: স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি মহিলা মৰ্চাৰ তৰফৰ পৰা জেম পৰ্টেল(Government e-Market portal GeM)ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । বিজেপি ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সদস্যা তথা জেম পৰ্টেলৰ দায়িত্বত থকা উষা বাজপেয়ী(Usha Bajpai) হৈছে এই প্ৰশিক্ষণৰ প্ৰশিক্ষক।

শুকুৰবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি জেম পৰ্টেলৰ বিষয়ে উল্লেখ কৰে উষা বাজপেয়ীয়ে । জেম পৰ্টেলৰ দ্বাৰা যিবোৰ সুবিধা লাভ কৰিব পাৰি তাৰ ভিতৰত এটা উল্লেখযোগ্য দিশ হৈছে ক্ষুদ্ৰ ব্যৱসায়ী অথবা ঘৰুৱা উৎপাদিত সামগ্ৰী বিক্ৰেতা এজনে অনলাইন মাধ্যমৰ জৰিয়তে বজাৰত নিজৰ ব্যৱসায় চলাবলৈ সুবিধা পাইছে । যাৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীজনৰ গ্ৰাহকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পায় আৰু ক্ষুদ্ৰ ব্যৱসায়ীজনৰ ব্যৱসায়ৰ পৰিসৰো বৃদ্ধি পায় ।

ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী ৱানাথী শ্ৰীনিবাসনে এই অভিযানৰ দায়িত্ব ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সদস্যা উষা বাজপেয়ীক অর্পন কৰিছে । এই কর্মশালাৰ উদ্দেশ্যই হৈছে জেম পৰ্টেলত যাতে যথেষ্ট সংখ্যক মহিলাই নিজৰ ব্যৱসায় পঞ্জীয়ন কৰি নিজৰ উদ্যোগটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যায় ।

জেম পৰ্টেলৰ প্ৰশিক্ষণৰ দায়িত্বত থকা উষা বাজপেয়ীয়ে কয় যে, এই পৰ্টেলটোৰ যোগেদি আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া ইত্যাদি অভিযানসমূহ অধিক শক্তিশালী তথা ফলপ্ৰসু হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে । সংবাদমেলত বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সদস্যা সুনীতা জি লালুও উপস্থিত থাকে ।

লগতে পঢ়ক:Destination Tripura summit:ৰবৰ উৎপাদনকাৰী উত্তৰ-পূৱক প্ৰশংসা মন্ত্ৰী পীযুষ গোৱেলৰ

ABOUT THE AUTHOR

...view details