গুৱাহাটী, 6 জানুৱাৰী : গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চৌহদত ক্ৰমাৎ বৃদ্ধি পাইছে অ-সামাজিক কাৰ্যকলাপ ৷ এইবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ পৰা দৰৱ চুৰ কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল এগৰাকী ফার্মাচিষ্ট (GMCH pharmacist arrested for stealing medicines) ।
মঙলবাৰে GMCH ৰ ফাৰ্মাচীৰ মৃদুল ডেকা নামৰ এগৰাকী ফাৰ্মাচিষ্টে প্ৰায় 50 হাজাৰ টকা মূল্যৰ ঔষধ ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ কেন্দ্ৰীয় ফাৰ্মাচী (Super-speciality Hospital at GMCH) ৰ পৰা চুৰ কৰিছিল ৷
এই কথা সদৰী কৰি জিএমচিএইচ-ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ফাৰ্মাচিষ্ট মৃদুল ডেকাৰ এনেধৰণৰ লজ্জাজনক কাৰ্যৰ শাস্তিস্বৰূপে চাকৰিৰ পৰা নিলম্বন কৰিব বুলি জানিবলৈ দিয়ে ৷ লগতে ফাৰ্মাচিষ্ট মৃদুল ডেকাই চুৰি কৰা দৰৱখিনি দুখীয়া লোকৰ চিকিৎসাৰ বাবে আছিল বুলিও সাংবাদিকক জানিবলৈ দিয়ে অধীক্ষক গৰাকীয়ে ৷