গুৱাহাটী,১৪জুলাই : বানৰ পাছত হ'বলগীয়া ৰোগৰ বাবে স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ লগতে জাপানীত এনকেফেলাইটিছ প্ৰতিৰোধ তথা নিৰ্মূলৰ বাবেও স্বাস্থ্য বিভাগে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
বান পৰিস্থিতিৰ লগত যুঁজিবলৈ সাজু স্বাস্থ্য বিভাগ
গুৱাহাটী মহানগৰীৰ বিজেপিৰ ৰাজ্যক যুৱমৰ্চাৰ কাৰ্যনিৰ্বাহত অনুষ্ঠিত হোৱা এখন সভাত মন্ত্ৰী পিয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰি বানাক্ৰান্তৰ বাবে স্বাস্থ্য বিভাগ সাজু বুলি মন্তব্য কৰে ।
বান পৰিস্থিতিৰ লগত যুঁজিবলৈ সাজু স্বাস্থ্য বিভাগ
দেওবাৰে গুৱাহাটী মহানগৰীৰ বিজেপিৰ ৰাজ্যক যুৱমৰ্চাৰ কাৰ্যনিৰ্বাহত অনুষ্ঠিত হয় এখন সভা । সভাত উপস্থিত থাকে মন্ত্ৰী হাজৰিকা । অসমত বিজেপিৰ সদস্য সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।