বকো,26 মাৰ্চ : বৃহস্পতিবাৰে ছয়গাঁৱৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনত গোৱালপাৰা আৰু কামৰূপ জিলাত বসবাস কৰা গাৰোসকলে কোন দলক ভোট দিব এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷ সভাখনত উপস্থিত থাকে গোৱালপাৰা জিলাৰ গাৰো জাতীয় পৰিষদৰ সভাপতি আৰবিটচন ম'মিন, কামৰূপ জিলাৰ সভাপতি ইনিন্দ্ৰ ইউ মাৰাকৰ লগতে গোৱালপাৰা আৰু কামৰূপ জিলাৰ বহু কেইজন বিশিষ্ট ব্যক্তি ।
বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক সমৰ্থন জনাব গাৰোসকলে - গাৰো সকলৰ সৰ্বাংগীন উন্নতি
ছয়গাওঁৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা ৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটক সমৰ্থন কৰাৰ সিদ্ধান্ত গাৰো জাতীয় পৰিষদৰ ৷
গাৰো সকলৰ সৰ্বাংগীন উন্নতিৰ বাবে গাৰো স্বায়ত্ব শাসিত পৰিষদ চৰকাৰৰ পৰা বিচাৰিছিলে যদিও অসম চৰকাৰে তেওঁলোকক গাৰো উন্নয়ন পৰিষদ দিয়াৰ বাবে যোজা চলাইছিল কিন্তু গাৰোসকলে এই উন্নয়ন পৰিষদ নাকচ কৰি দিয়ে । তাৰ পাছতো গাৰো নেতৃবৰ্গই অসম চৰকাৰৰ লগত এই বিষয়ে আলোচনা কৰিও একো ফল নাপালে । কিন্তু কংগ্ৰেছ দলৰ সৈতে আলোচনা হওঁতে কংগ্ৰেছ দলৰ নেতৃত্বই অসমত কংগ্ৰেছ দলৰ চৰকাৰ হলে গাৰো স্বায়ত্ব শাসিত পৰিষদ দিয়াৰ কথা গাৰো নেতৃবৰ্গক সদৰী কৰে । গাৰো স্বায়ত্ব শাসিত পৰিষদৰ পৰ্যালোচনাৰ পাছতেই কংগ্ৰেছ দলক আগন্তুক বিধানসভা নিৰ্বাচনত সমৰ্থন কৰিব বুলি সাংবাদিকৰ আগত ঘোষণা কৰে গাৰো নেতৃবৰ্গই ।
লগতে পঢ়কঃআজি কমলপুৰত ৰণ ডংকা বজাব অমিত শ্বাহে