অসম

assam

ETV Bharat / city

ৰঙিয়াৰ দে মাথা ইংলিছ স্কুলৰ এম্বুলেঞ্চ প্ৰদান - rangia health department

ৰঙিয়াৰ তুলসীবাৰী দে মাথা ইংলিছ মিডিয়াম স্কুলৰ পৰা যোগান ধৰা হৈছে বিনামূলীয়া এম্বুলেঞ্চ সেৱা ৷ স্কুলখনৰ এনে পদক্ষেপক ৰঙিয়া ৰাইজে আদৰণি জনাইছে ৷

ৰঙিয়াৰ দে মাথা ইংলিছ স্কুলৰ এম্বুলেন্স প্ৰদান
ৰঙিয়াৰ দে মাথা ইংলিছ স্কুলৰ এম্বুলেন্স প্ৰদান

By

Published : May 31, 2021, 10:23 PM IST

ৰঙিয়া, 31 মে' : ক’ভিডৰ দ্বিতীয়টো জোৱাৰে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ৰঙিয়াৰ ক’ভিড আক্ৰান্ত ৰোগীৰ বাবে এটি ভাল খবৰ । ক‘ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়াৰ ক’ভিড আক্ৰান্ত ৰোগীক ক’ভিড হাস্পতালতলৈ নিয়াৰ বাবে বিনামূলীয়াকৈ যোগান ধৰিলে এম্বুলেঞ্চ । ৰঙিয়াৰ তুলসীবাৰী দে মাথা ইংলিছ মিডিয়াম স্কুলৰ পৰা যোগান ধৰা হৈছে এই এম্বুলেঞ্চ সেৱা ।

বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজহুৱাকৈ এম্বুলেঞ্চখন গতাই দিলে ৰঙিয়া স্বাস্থ্যখণ্ডক । ৰঙিয়াৰ ক’ভিড আক্ৰান্ত ৰোগীসকলক যাতে সময়ত ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰিব পাৰে তাৰ বাবে বিনামূলীয়াকৈ যোগান ধৰিলে AS- 01- JC 9789 নম্বৰৰ এম্বুলেঞ্চখন ।

ৰঙিয়াত শেহতীয়াভাৱে ক’ভিড ১৯ ত আক্ৰান্ত হৈ ১৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । লগতে এম্বুলেঞ্চখনৰ চালকৰ দৰমহা আৰু এম্বুলেঞ্চখনৰ পেট্ৰ’লৰ সম্পূৰ্ণ খৰচ বহন কৰিব তুলসীবাৰী দে মাথা ইংলিছ মিডিয়াম স্কুলে । কৰ’ণা এই সংকটৰ সময়ত দে মাথা ইংলিছ মিডিয়াম স্কুলে লোৱা পদক্ষেপক সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়ক :কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰঙিয়াৰ ৰে’ল বিভাগৰ এজন কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details