অসম

assam

ETV Bharat / city

প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা মহানগৰীৰ এখন ব্যতিক্ৰমী বিদ্যালয় - ডিজিটেল শ্ৰেণীকোঠাত টেবলেটৰ জৰিয়তে পাঠদান

গুৱাহাটীৰ এখন ব্যতিক্ৰমী বিদ্যালয় । প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি বিদ্যালয়খনে প্লাষ্টিকৰ বিৰুদ্ধে চলাই আহিছে এঘৰী যুঁজ (Raising awareness about plastic) ৷ তদুপৰি বিদ্যালয়খনত ডিজিটেল শ্ৰেণীকোঠাত টেবলেটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক দিয়া হৈছে পাঠদান (Using Tablets in School ) ।

teaching-through-tablets-in-digital-classroom-at-faguna-rava-higher-secondary-school
মহানগৰীৰ এখন ব্যতিক্ৰমী বিদ্যালয়

By

Published : May 9, 2022, 10:39 PM IST

গুৱাহাটী , 9 মে’:এখন ব্যতিক্ৰমী বিদ্যালয় । বিদ্যালয়খনৰ কামকাজে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ ৷ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল শ্ৰেণীকোঠাত টেবলেটৰ জৰিয়তে কৰিছে পাঠদান (Class through tablet) । লগতে প্লাষ্টিকৰ অপকাৰিতাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ এক বিৰল প্ৰয়াসও আৰম্ভ কৰিছে বিদ্যালয়খনে ৷

মহানগৰীৰ এখন ব্যতিক্ৰমী বিদ্যালয়

দিছপুৰৰ গাতে লাগি থকা জটিয়াত অৱস্থিত এই বিদ্যালয়খনৰ নাম হৈছে ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় (Faguna Rava Higher Secondary School) । এই সন্দৰ্ভত বিদ্যালয়খনৰ সহকাৰী শিক্ষক দিগন্ত শৰ্মাই কয় যে, নতুন শিক্ষা নীতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় আৰু বেচৰকাৰী সংস্থা অক্ষৰ ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত বিদ্যালয়খনৰ ক’ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ডিজিটেল শ্ৰেণী কোঠাত টেবলেটৰ জৰিয়তে পাঠদান দিয়াৰ ব্যৱস্থা কৰা হৈছে (Teaching through tablets in digital classroom) । তদুপৰি 6 টা ব্যৱহাৰিক বিষয়ৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছে বিদ্যালয়খনত ৷

তদুপৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি সপ্তাহৰ শুকুৰবাৰে পেলনীয়া প্লাষ্টিক যেনে, প্লাষ্টিক বেগ , চিপচৰ পেকেটকে ধৰি প্লাষ্টিকবোৰ বিদ্যালয়লৈ লৈ অনাতো বাধ্যতামূলক । সেই পেলনীয়া প্লাষ্টিকবোৰ কিদৰে পুনৰ ব্যৱহাৰযোগ্য কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয় ছাত্ৰ-ছাত্ৰীসকলক (Raising awareness about plastic) ৷

লগতে চিলাই, কম্পিউটাৰ , কাঠৰ আছবাব তৈয়াৰ কৰা , গাৰ্ডেনিং, ফটোগ্ৰাফি আদিকে ধৰি কেইবাটও বিষয়ৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয় বিদ্যালয়খনত । এই বিষয়ে অক্ষৰ (akshar) খণ্ড সমন্বয়ক (block coordinator) ৰুলী ফুকনে কয় যে, 3 বছৰৰ ভিতৰত কামৰূপ মেট্ৰ’ আৰু কামৰূপ গ্ৰাম্য জিলাৰ 100 খন বিদ্যালয় সামৰি লোৱাৰ লক্ষ্য হাতত লোৱা হৈছে ।

এই বছৰতে মুঠ 5 খন চৰকাৰী বিদ্যালয় , দ্বিতীয় পৰ্যায়ত 25 খন আৰু তৃতীয় পৰ্যায়ত 70 খন চৰকাৰী বিদ্যালয় সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি জনায় ৰুলী ফুকনে ।

বিদ্যালয়খনৰ এনে ব্যতিক্ৰমী পদ্ধতিৰ প্ৰতি আকৰ্ষিত হৈ পূৰ্বৰ তুলনাত বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে অক্ষৰ খণ্ড সমন্বয়কগৰাকীয়ে । বিদ্যালয়খনত সম্প্ৰতি আন আন শিক্ষক থকাৰ লগতে অক্ষৰ ফালৰ পৰা মুঠ 7 গৰাকী শিক্ষক-শিক্ষয়ত্ৰী আছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, নতুন শিক্ষানীতিৰ প্ৰতি লক্ষ্য ৰাখি অক্ষৰ ফৰাম মডেলটো চৰকাৰী বিদ্যালয়ত প্ৰয়োগ কৰিব পাৰি নে নোৱাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ১০০খন বিদ্যালয়ত বিজ্ঞানসন্মত শিক্ষাদান কৰাৰ বাবে ২০২০ চনত অক্ষৰ ফাউণ্ডেচন আৰু সৰ্বশিক্ষাৰ লগত বুজা বুজি চুক্তি স্বাক্ষৰ হৈছিল ।

লগতে পঢ়ক :তামুলপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

ABOUT THE AUTHOR

...view details