গুৱাহাটী, 27 এপ্ৰিল : অসমত ক’ভিড নিয়ন্ত্ৰণৰ বাবে লোৱা সতৰ্কতাৰ অংশ হিচাপে অসমৰ মুখ্য সচিবে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১ মে'লৈ নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে । ক’ভিড-19 ৰ দ্ৰুত সংক্ৰমণলৈ চাই সতৰ্কমূলক পদক্ষেপ গ্ৰহণৰ নিশ্চয় প্ৰয়োজন আছে । কিন্তু মাত্ৰ ৫ দিনৰ বাবে এনে সান্ধ আইনে পৰিস্থিতি কিমান উন্নত কৰিব সেই সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেবেন ভট্টাচাৰ্যই ৷
হঠাৎ ৫ দিনৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ যুক্তিযুক্ততা সম্পৰ্কে জনসাধাৰণে পতিয়ন যাব পৰাকৈ চৰকাৰে বাখ্যা আগবঢ়োৱা উচিত বুলি মন্তব্য কৰে কৰে চিপিআই(এম)ৰ নেতাগৰাকীয়ে । মন কৰিবলগীয়া যে, ২ মে'ত বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ'ব । অসমত ভোট গ্ৰহণ প্ৰক্ৰিয়া ৬ এপ্ৰিলত অন্ত পৰিছে আৰু ইভিএম সমূহ তেতিয়াৰ পৰাই ষ্ট্ৰং ৰুমত ৰখা হৈছে ।