অসম

assam

ETV Bharat / city

ৰঙিয়াত অব্যাহত আছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া - জৱাহৰলাল নেহৰু শিশু বিদ্যালয়

ৰঙিয়াৰ চৰকাৰী চিকিৎসালয়সমুহত কৰ’ণাৰ প্ৰতিষেধক প্ৰদান অব্যাহত আছে ৷ অনলাইন আৰু অফলাইন যোগে আবেদন কৰা ব্যক্তিসকলক প্ৰদান কৰা হৈছে প্ৰতিষেধক ৷

ৰঙিয়াত অব্যাহত আছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া
ৰঙিয়াত অব্যাহত আছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া

By

Published : May 12, 2021, 9:58 PM IST

ৰঙিয়া,12 মে': ৰঙিয়াৰ চৰকাৰী চিকিৎসালয় সমূহত কৰ'ণাৰ প্ৰতিষেধক প্ৰদান অব্যাহত আছে । বুধবাৰে ৰঙিয়াৰ স্বাস্থ্যখণ্ডৰ অন্তৰ্গত চিকিৎসালয়, মহকুমা অসামৰিক চিকিৎসালয়ত ১২০ গৰাকী আৰু সিদ্ধিনাথ শৰ্মা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৯০ গৰাকী লোকক কৰ'ণা প্ৰতিষেধক প্ৰদান কৰা হৈছে । কেন্দ্ৰ দুটাত ৪৫ বছৰৰ পৰা ঊৰ্দ্ধৰ লোকসকলক প্ৰদান কৰা হৈছে কৰ’ণাৰ প্ৰতিষেধক ।

এই কেন্দ্ৰ দুটাত অফলাইনযোগে আবেদন কৰা লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে । আনহাতে অস্থায়ীভাৱে স্থাপন কৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ত 90 গৰাকী আৰু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত 88 গৰাকী লোকক কৰ’ণাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । এই দুটা কেন্দ্ৰত কেৱল অনলাইনযোগে আবেদন কৰা ১৮-৪৪ বছৰ বয়সৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে ।

ৰঙিয়াত অব্যাহত আছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া

লগতে মধ্য পাণ্ডুৰী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত 80 গৰাকী লোকৰ লগতে বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 100 গৰাকী, কণিহা ৰাজ্যিক চিকিৎসালয়ত 60 গৰাকী ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হয় । উল্লেখযোগ্য যে, ৰঙিয়াত শেহতীয়াভাৱে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৪৪৫ গৰাকীলৈ বৃদ্ধি পাইছে । তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে ৰঙিয়াৰ এইকেইটা কেন্দ্ৰত কৰ'ণাৰ ভেকচিন প্ৰদান কৰি থকা হৈছে । এই তথ্য সদৰী কৰিলে ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বহুমুখী স্বাস্থ্যকৰ্মী হৰেশ্বৰ দাসে ।

লগতে পঢ়ক :জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড যোদ্ধাৰ বাবে নাই চৰকাৰী আৱাসৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details