অসম

assam

By

Published : Jul 5, 2022, 2:13 PM IST

ETV Bharat / city

ভয়াৱহ হ‍াৰত বৃদ্ধি পোৱা ক'ভিডৰ সংক্ৰমণক লৈ উদ্বিগ্ন চৰকাৰ

আজি বিয়লি অনুষ্ঠিত হ'বলগীয়া ৰাজ্য়িক কেবিনেট বৈঠকত ক’ভিড সংক্রমণৰ বিষয়টোৱে বিশেষ গুৰুত্ব পোৱাৰ সম্ভাৱনা । ক’ভিডৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিবলগীয়া সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে । বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ১৬১ জন ক'ভিডত আক্ৰ‍ান্ত হৈছে (Covid infection increases in Assam)। ৰাজ্যত আক্ৰান্তৰ হাৰ ৯.৮৭ শত‍াংশ ।

covid
Covid infection increased in Assam:ভয়াৱহ হ‍াৰত বৃদ্ধি পোৱা ক'ভিডৰ সংক্ৰমণকলৈ উদ্বিগ্ন চৰকাৰ

গুৱাহাটী,৫ জুলাই: ৰাজ্যত ভয়াৱহভাবে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ (Covid infection increases in Assam)। চৰকাৰী তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ১৬১ জন লোক ক'ভিডত আক্ৰ‍ান্ত হৈছে । আক্ৰ‍ান্ত হাৰ ৯.৮৭ শত‍াংশ । বৰ্ত্তমান ৰ‍াজ্যত সক্ৰিয় হৈ আছে ৭১০ জন ক'ভিড ৰোগী । চৰকাৰী হিচাপত দৈনিক ক’ভিড পজিটিভৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰিলেও প্ৰকৃতাৰ্থত উক্ত পৰিসংখ্যাতকৈ কেইবাগুণো অধিক লোক দৈনিক সংক্ৰমিত হোৱা বুলি ৰাজ্যৰ চিকিৎসক তথা বিশেষজ্ঞমহলে সন্দেহ ব্যক্ত কৰিছে ।

Covid infection increased in Assam:ভয়াৱহ হ‍াৰত বৃদ্ধি পোৱা ক'ভিডৰ সংক্ৰমণকলৈ উদ্বিগ্ন চৰকাৰ

ৰাজ্যত শেহতীয়াকৈ ক’ভিড সংক্ৰমণৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ (Assan Health department worried about increasing covid infection)। যাৰ পৰিপ্ৰেক্ষিততে আজি বিয়লি দিছপুৰত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত ক’ভিড সংক্রমণৰ বিষয়টোৱে বিশেষ গুৰুত্ব পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে (Cabinet meeting to be chaired by Chief Minister Dr Himanta Biswa Sharma)। উক্ত কেবিনেট বৈঠকতে ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিবলগীয়া সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কীয় এছ অ’পি প্ৰকাশৰ সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে । বিশেষকৈ চৰকাৰী হাস্পতালত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা আৰু পজিটিভ ৰোগীয়ে হোম কোৱাৰেণ্টাইনৰ নীতি-নিয়ম পালন নকৰা বিষয়টোৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ পৰা কঠোৰ নিৰ্দেশ দিয়াৰো সম্ভাৱনা ব্যক্ত কৰিছে দিছপুৰৰ এটা শীর্ষ সূত্রই ।

Covid infection increased in Assam:ভয়াৱহ হ‍াৰত বৃদ্ধি পোৱা ক'ভিডৰ সংক্ৰমণকলৈ উদ্বিগ্ন চৰকাৰ

উল্লেখ্য় যে অম্বুবাচী মেলাৰ পাছৰে পৰা ৰাজ্যত বিশেষকৈ গুৱাহাটীত দ্ৰুত হাৰত ক’ভিডৰ সংক্রমণ বৃদ্ধি পাব ধৰিছে । বহু লোকে ক’ভিড উপসর্গই দেখা দিয়াৰ পাছতো ইয়াৰ পৰীক্ষা অবিহনেই ঘূৰি ফুৰাৰো অভিযোগ উঠিছে । তদুপৰি বহু লোকে ব্যক্তিগতভাৱে ক'ভিড পৰীক্ষা কৰাই ধৰা পৰিলে নিজাকৈ চিকিৎসা গ্ৰহণ কৰি আছে । তেনে পৰিস্থিতিত সংক্ৰমণ অধিক হোৱাৰ আশংকাই দেখা দিছে । ইফালে, শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ প্ৰতিখন আদালতৰ চৌহদতে মাস্ক-সামাজিক ব্যৱধান বাধ্যতামূলক কৰিছিল যদিও বাস্তৱত কোনেও সেই নির্দেশনা পালন কৰা নাই । স্বাভাৱিকতেই কেবিনেট বৈঠকত ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱাৰো পূর্ণ সম্ভাৱনা আছে ।

Covid infection increased in Assam:ভয়াৱহ হ‍াৰত বৃদ্ধি পোৱা ক'ভিডৰ সংক্ৰমণকলৈ উদ্বিগ্ন চৰকাৰ

উল্লেখ্য় যে বিগত ২৪ ঘণ্টাত ১,৬৩১ জনৰ ক'ভিড পৰীক্ষা কৰা হয় । ইয়াৰে ১৬১ জনৰ দেহত ক'ভিডৰ উপস্থিতি ধৰ‍া পৰে । আনহাতে,ইয়াৰে ৯০ জনেই গুৱাহাটী মহানগৰীৰ । অৱশ্যে চৰকাৰী এই তথ্যৰ বিপৰীতে বহু লোক ক'ভিডত আক্ৰান্ত হৈ থকাৰ আশংক‍া ব্যক্ত কৰিছে চিকিৎসকসকলে । কাৰণ ক'ভিড পৰীক্ষাৰ সংখ্যা এতিয়াও বৃদ্ধি পোৱা নাই ।

লগতে পঢ়ক:প্ৰতি বছৰৰ ৪ জুলাইত অসম জাতীয় পৰিষদে পালন কৰিব ভাষা দিৱস

ABOUT THE AUTHOR

...view details