নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী :ৰাজ্যত বৃহস্পতিবাৰে পুনৰ নতুনকৈ 1,019 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 19 গৰাকী লোকৰ(Covid Positive Cases in Assam) ৷ ইয়াৰ লগতে ৰাজ্যত ক‘ৰণাত আক্ৰান্তৰ সংখ্যা 7,19,939 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,518 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান সক্ৰিয় হৈ আছে 13,786 গৰাকী লোক(Covid active Cases in Assam) ৷ পজিটিভিটি হাৰ হৈছে 3.04% ৷
বৃহস্পতিবাৰে কামৰূপ মহানগৰীত সৰ্বাধিক 238 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে লখিমপুৰত 60 গৰাকী, কামৰূপ গ্ৰাম্যত 57 গৰাকী আৰু বৰপেটাত 46 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত ৷ আনহাতে, কাছাৰ, দৰং, ধেমাজি, গোলাঘাট, কোকৰাঝাৰ, নলবাৰীত 2 গৰাকীকৈ আৰু বৰপেটা, বিশ্বনাথ, যোৰহাট, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, মৰিগাঁৱত 1 গৰাকীকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷