অসম

assam

By

Published : Mar 16, 2020, 9:41 PM IST

ETV Bharat / city

ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক : সজাগতামূলক সভাৰ আয়োজন

ৰাজ্যৰ বিভিন্ন স্থানত কৰ'ণাভাইৰাছ আতংক বিয়পি পৰিছে ৷ এই সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক সংবাদমেল ৷

সজাগতামূলক সভাৰ আয়োজন
ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক

নিউজ ডেস্ক, 16 মাৰ্চ : বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণাভাইৰাছৰ সংক্ৰমণে ৷ বিশ্বজুৰি প্ৰায় 6000 লোকৰ প্ৰাণ কাঢ়ি নিয়া এই ভাইৰাছৰ বিৰুদ্ধে ৰাজ্যৰ সকলোবোৰ গুৰুত্বপূৰ্ণ স্থানত গ্ৰহণ কৰা হৈছে ব্যাপক সতৰ্কতা ৷ মহানগৰীৰ মা কামাখ্যা ধামতো সকলো দৰ্শনাৰ্থীক চেনিটাইজাৰৰ লগতে চিকিৎসা সেৱা প্ৰদান কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ এটা চিকিৎসকৰ দলে মন্দিৰলৈ অহা লোকসকলৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে ৷

ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক
সজাগতামূলক সভাৰ আয়োজন

ক'ৰ'ণাভাইৰাছক লৈ বিজেপিৰ গুৱাহাটী মহানগৰ শাখাৰ উদ্যোগত বিশেষ সজাগতামূলক সভাৰো আয়োজন কৰা হৈছে ৷ সোমবাৰে দিছপুৰৰ গড়কাপ্তানী প্ৰেক্ষাগৃহত অনুস্থিত হোৱা সভাত অংশগ্ৰহণ কৰে চিকিৎসক প্ৰাঞ্জল ভড়ালীকে ধৰি গুৱাহাটী নগৰৰ পৌৰপতি মৃগেন শৰণীয়াই ৷

সজাগতামূলক সভাৰ আয়োজন

কলগাছিয়াৰ অসামৰিক চিকিৎসালয়তো কৰ'ণাভাইৰাছ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে ৷ উল্লেখ্য যে, বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত কৰ্মৰত চিকিৎসক দম্পতী ছৌদি আৰৱৰ পৰা উভতি অহাৰ পাচতে কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱা বুলি উৰাবাতৰি বিয়পি পৰাৰ পাচতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল ৷ এয়া কেৱল উৰাবাতৰিহে বুলি মন্তব্য আগবঢ়াই সজাগতা সভাত উপস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ ছামচুল আলমে ৷

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ'ণাভাইৰাছ সম্পৰ্কত এক সংবাদমেলৰ আয়োজন কৰে ৷ বৰ্তমানলৈকে অসমত এজনো লোক আক্ৰান্ত হোৱা নাই বুলিও মন্তব্য আগবঢ়াই শৰ্মাই ৷ জি এম চি এইচত স্বাস্থ্য পৰীক্ষা চলাই থকা 29 জন লোকৰ 28 জনেই সুস্থ হোৱাৰ লগতে 1 জনৰ প্ৰতিবেদন মঙলবাৰেহে লাভ কৰা হ'ব বুলি জানিবলৈ দিয়ে শৰ্মাই ৷ ইয়াৰোপৰি, 2000 লোকক একেলগে চিকিৎসাৰ ব্যৱস্থা কৰাৰ সুবিধা থকাৰ লগতে 507 টা আইচলেচনযুক্ত কক্ষৰো ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, 269 খন চৰকাৰী চিকিৎসালয়ত ভেন্টিলেচনৰো ব্যৱস্থা আছে বুলি মন্তব্য কৰে ৷

সজাগতামূলক সভাৰ আয়োজন

তিনিচুকীয়া জিলা উপায়ুক্ত ভাস্কৰ পেগুৱে ইতিমধ্যে সমগ্ৰ জিলাত সতৰ্কতা অৱলম্বনৰ বাবে ৰাইজলৈ আহ্বান জনাইছে ৷ জিলাখনৰ সকলো ৰাজহুৱা সভা-অনুষ্ঠান বাতিল কৰাৰ লগতে ৰেল ষ্টেচনত স্কেনিং দলো সাজু কৰি ৰাখিছে ৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আছুতীয়া কক্ষ সাজু কৰা হৈছে বুলি সোমবাৰে জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷

উত্তৰ-পূৱ সীমান্ত ৰে'লৱে

কোকৰাঝাৰ জিলা স্বাস্থ্য বিষয়া অমল মোচাহাৰীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, জিলা স্বাস্থ্য বিভাগে কৰ'ণাভাইৰাছ ৰোধ কৰিবৰ বাবে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে ৷ জিলাৰ বিভিন্ন প্ৰান্তত সজাগতা সভা, স্বাস্থ্য বিভাগৰ কৰ্মীৰ প্ৰশিক্ষণ ইত্যাদি আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে মোচাহাৰীয়ে ৷ লগতে কোকৰাঝাৰ জিলাৰ 7 খন হাস্পতালত কৰ'ণাভাইৰাছ আক্ৰান্তৰ বাবে আইছলেছনৰ ব্যৱস্থা কৰা হৈছে বুলি মোচাহাৰীৰ প্ৰকাশ ৷

ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক

দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান মঙলবাৰৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ অহা 17 মাৰ্চৰ পৰা 29 মাৰ্চলৈ কৰ'ণাভাইৰাছৰ আতংকৰ বাবে বন্ধ থাকিব উদ্যানখন ৷ এই কথা জানিবলৈ দিয়ে জিলা বন বিষয়া সন্দীপ বিৰদীয়ে ৷

ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক
ওৰাং ৰাষ্ট্ৰীয় উদ্যান বন্ধ ঘোষণা

ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত তাৎক্ষনিকভাবে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে বায়'মেট্ৰিক পাঞ্চিং ব্যৱস্থা ৷ 31 মাৰ্চলৈকে এই ব্যৱস্থা বন্ধ ৰাখিবলৈ সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে এক জৰুৰী নিৰ্দেশনা জাৰি কৰে ৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জাননী

ধুবুৰীৰ বিশিষ্ট চিকিৎসক তথা জিলা ৰেডক্ৰোছ চচাইটিৰ অধ্যক্ষ ডাঃ দেৱময় সান্যালে ৰাইজক উদ্দেশ্যি সজাগতাৰ বিভিন্ন দিশ সামৰি বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷

ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক

কৰ'ণাভাইৰাছৰ সতৰ্কতাৰ ক্ষেত্ৰত এক বিপৰীত দিশ পৰিলক্ষিত হৈছে লখিমপুৰ জিলাৰ হাৰমতী ৰেল জংচনত ৷ চিকিৎসকৰ পৰা আদি কৰি হাৰমতী ৰেল জংচনৰ কৰ্মচাৰীৰ মুখত মাস্ক পৰিধান কৰা প্ৰত্যক্ষ কৰা নহ'ল ৷ উল্লেখ্য যে, লখিমপুৰ জিলাৰ হাৰমতী ৰেল জংচনত অৰুণাচল প্ৰদেশৰ লগতে বহিৰাজ্যৰ পৰা ৰেল প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু এই যাত্ৰীসকলক পৰীক্ষা কৰিবৰ বাবে হাৰমতী ৰেল ষ্টেচনত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷

29 মাৰ্চলৈকে গুৱাহাটী বিশ্ববিদ্যালয় সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে হোষ্টেলসমূহো খালী কৰাৰ নিদেৰ্শ দিছে কৰ্তৃপক্ষই ৷ 'বিশ্ববিদ্যালয় সপ্তাহ' স্থগিত ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচত সকলোবোৰ হোষ্টেল খালী হৈ পৰিছে ৷ ইফালে সংবাদ মাধ্যমৰ জৰিয়তে সকলো ৰাইজকে সজাগ আৰু সতৰ্ক হ'বলৈও আহ্বান জনাইছে বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে ৷

ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক
গুৱাহাটী বিশ্ববিদ্যালয় বন্ধ ঘোষণা

যাত্ৰীসকলৰ সুৰক্ষাৰ্থে ৰে'ল বিভাগে হাতত লৈছে এলানি সজাগতামূলক কাৰ্যসূচী ৷ মিনিটে মিনিটে ৰে'ল পৰিসৰসমূহ চাফ-চিকুণ কৰাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই ৷ ৰে'ল ষ্টেচন তথা কাৰ্যালয়সমূহৰ কাপোৰ, দৰ্জাৰ হেণ্ডেল, চিট আদি চেনিটাইজাৰেৰে বিজাণুমুক্ত কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে ৷

ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক

গোলাঘাটতো সৃষ্টি হৈছে কৰ'ণাভাইৰাছৰ আতংক ৷ এগৰাকী নাৰ্চ আক্ৰান্ত হোৱাৰ সন্দেহত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আইছলেছন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে নাৰ্চ গৰাকীয়ে এক ধৰ্মীয় অনুষ্ঠানত অংশ ল'বৰ বাবে ৰাজস্থানৰ মাউন্টাবু ভ্ৰমণ কৰিছিল ৷

আৰু পঢ়ক : মুজফ্ফপুৰ আদালতত চীনা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details