অসম

assam

ETV Bharat / city

ফলাফল ঘোষণাৰ এপষেকৰ পিছতো চূড়ান্ত হোৱা নাই বিৰোধী দলপতিৰ নাম - বিৰোধী দলপতি

ফলাফল ঘোষণাৰ এপষেকৰ পিছতো বিৰোধী দলৰ দলপতি চূড়ান্ত কৰিব পৰা নাই কংগ্ৰেছে ৷ কংগ্ৰেছৰ হাই কমাণ্ডক বিৰোধী দলৰ দলপতি নিৰ্ধাৰণ কৰাৰ দায়িত্ব দিয়া হৈছে যদিও এতিয়ালৈ চূড়ান্ত হোৱা নাই বিৰোধী দলৰ দলপতিৰ নাম ৷

চূড়ান্ত হোৱা নাই বিৰোধী দলৰ দলপতিৰ নাম
চূড়ান্ত হোৱা নাই বিৰোধী দলৰ দলপতিৰ নাম

By

Published : May 16, 2021, 3:21 PM IST

গুৱাহাটী, ১৬ মে':২১ মে'ৰ পৰা পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হ’ব । অথচ এই পৰ্যন্ত বিধানসভাত বিৰোধী দলপতি কোন হ’ব তাক চূড়ান্ত কৰিব পৰা নাই বিৰোধী দল কংগ্ৰেছে । ইতিমধ্যে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাও এপষেক পাৰ হ'ল । ২ মে'ত ঘোষিত হৈছিল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ।

কিন্তু বিগত পোন্ধৰটা দিনে সদনত কংগ্ৰেছৰ দলপতি কোন হ’ব সেয়া ঠিৰাং কৰিব পৰা নাই ডেৰশ বছৰ অতিক্ৰম কৰা ঐতিহাসিক ৰাজনৈতিক দলটোৱে । মন কৰিবলগীয়া যে ২ মে'ত ফলাফল ঘোষণা হোৱাৰ পিছদিনাই গুৱাহাটীত দলৰ অসমৰ দায়িত্বত থকা কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছৰ নৱ নিৰ্বাচিত ২৯ গৰাকী বিধায়কৰ সভা অনুষ্ঠিত হৈছিল ।

সেই সভাতেই ২৯ গৰাকী বিধায়কে বিধানসভাত কংগ্ৰেছৰ দলপতি কোন হ’ব সেয়া হাইকমাণ্ডে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু দলপতি বাচনিৰ সমস্ত প্ৰক্ৰিয়াটোৱেই হাইকমাণ্ডক অৰ্পণ কৰিছিল । নকলেও চলে যে বিধানসভাত যিজনেই কংগ্ৰেছৰ দলপতি হব, বিধি অনুসৰি তেৱেই লাভ কৰিব কেবিনেট মৰ্যাদা সহ বিৰোধী দলপতিৰ দায়িত্ব ।

কিন্তু এই পৰ্যন্ত কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধান্তই ল’ব পৰা নাই কোন হ’ব অসম বিধানসভাৰ বিৰোধী দলপতি । ইপিনে বিৰোধী দলপতিৰ আসনত বহাৰ উদ্দেশ্যে নিজা নিজা পৰ্যায়ত হাইকমাণ্ডক সন্তুষ্ট কৰিবলৈ ইতিমধ্যে নামি পৰিছে কেইবাজনো জ্যেষ্ঠ নেতা । এইসকলৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ, ৰকিবুল হুছেইন, প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু থাওৰা সমষ্টিৰ পৰা জয়ী হৈ অহা সুশান্ত বৰগোহাঁই ।

লগতে পঢ়ক :অত্যাৱশ্যকীয় সেৱাৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক নহয় : ইউ আই ডি এ আই

ABOUT THE AUTHOR

...view details