অসম

assam

Rajya Sabha election 2022: বিজেপি মিত্রজোঁটৰ 4 বিধায়কৰ ভোট বাতিলৰ দাবী কংগ্ৰেছৰ

By

Published : Mar 31, 2022, 1:11 PM IST

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী(Ex Assembly Speaker Hitendra Nath Goswami), বি পি এফৰ দুৰ্গাদাস বড়ো, বিজেপিৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু বৰচলাৰ বিজেপি বিধায়ক গণেশ লিম্বুৰ বিৰুদ্ধে কংগ্ৰেছৰ পুলিং এজেণ্ট নুৰুল হুদাই ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিছে অভিযোগ । ভোট প্ৰদান কৰি বেলট পেপাৰ ৰাজহুৱা কৰাৰ অভিযোগ বিধায়ককেইগৰাকীৰ বিৰুদ্ধে ।

congress-demands-cancellation-of-votes-of-four-mlas
বিজেপি মিত্রজোঁটৰ 4 বিধায়কৰ ভোট বাতিলৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী,৩১ মাৰ্চ : ৰাজ্যসভাৰ দুখন আসনৰ বাবে বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা অসম বিধানসভাৰ চেণ্ট্ৰেল হলত চলি আছে ভোটদান প্ৰক্ৰিয়া । বিয়লি ৪ বজালৈ ভোটদান প্ৰক্ৰিয়া চলাৰ কথা আছিল যদিও ইতিমধ্যে 126 জন বিধায়কৰ ভোটদান সম্পন্ন হৈছে । কিন্তু ইয়াৰ মাজতে বিজেপি মিত্রজোঁটৰ চাৰিজন বিধায়কৰ ভোট বাতিলৰ দাবী কৰিছে বিৰোধী দল কংগ্ৰেছে ।

বিজেপি মিত্রজোঁটৰ 4 বিধায়কৰ ভোট বাতিলৰ দাবী কংগ্ৰেছৰ

ইতিমধ্যে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, বি পি এফৰ দুৰ্গাদাস বড়ো, বিজেপিৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু বৰচলাৰ বিজেপি বিধায়ক গণেশ লিম্বুৰ বিৰুদ্ধে কংগ্ৰেছৰ পুলিং এজেণ্ট নুৰুল হুদাই ৰিটাৰ্ণিং বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে ।

বিজেপি মিত্রজোঁটৰ 4 বিধায়কৰ ভোট বাতিলৰ দাবী কংগ্ৰেছৰ

এই চাৰিওজন বিধায়কৰ বিৰুদ্ধে ভোট প্ৰদান কৰি বেলট পেপাৰ ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও শাসকীয় পক্ষৰ বিজেপি দলৰ এজন, বি পি এফৰ এজন আৰু ইউ পি পি এলৰ এজন বিধায়কৰ ভোট বাতিল কৰাৰ দাবী জনায় । অৱশ্যে গগৈয়ে বিধায়ক তিনিজনৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।

বিজেপি মিত্রজোঁটৰ 4 বিধায়কৰ ভোট বাতিলৰ দাবী কংগ্ৰেছৰ

ইফালে বিজেপি বিধায়ক দিগন্ত কলিতাই কংগ্ৰেছৰ চাৰিজন বিধায়কে নিজৰ ভোট নষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰিছে । কিন্তু এই অভিযোগ কংগ্ৰেছৰ পুলিং এজেণ্ট নুৰুল হুদাৰ লগতে আন বিধায়কসকলে নসাৎ কৰিছে । অভিযোগ-প্ৰতি অভিযোগৰ মাজতে চলি আছে ৰাজ্যসভাৰ নিৰ্বাচন । অৱশ্যে সকলো কথা স্পষ্ট হ'ব বিয়লি ভোট গণনাৰ পাছত ।

বিজেপি মিত্রজোঁটৰ 4 বিধায়কৰ ভোট বাতিলৰ দাবী কংগ্ৰেছৰ

লগতে পঢ়ক :Rajya Sabha polls: এ আই ইউ ডি এফে ৰিপুন বৰাকে ভোট দিব: এ আই ইউ ডি এফ

ABOUT THE AUTHOR

...view details