গুৱাহাটী,২০ নৱেম্বৰ : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানক্ৰমে শনিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো 'কৃষক বিজয় দিৱস'(Kisan Vijay Diwas) পালন কৰা হয় । তিনিখন বিতৰ্কিত কৃষি আইন(Controversial Agricultural Laws) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi)য়ে অৱশেষত বাতিল কৰিবলৈ বাধ্য হোৱা ঘটনাক আপোচবিহীন কৃষক সমাজ আৰু গণতান্ত্ৰিক শক্তিসমূহৰ এক ঐতিহাসিক বিজয় বুলি অভিহিত কৰিছে কংগ্ৰেছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কংগ্ৰেছে কৃষক বিজয় দিৱস পালন কৰে ।
কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ লগতে এন এছ ইউ আই, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু সেৱাদলৰ সহযোগিতাত কৃষক আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । তাৰ পাছত হাতে হাতে প্ৰজ্জ্বলিত মমবাতি লৈ স্থানীয়ভাৱে এক সমদল উলিওৱা হয় । এই কাৰ্যসূচীত বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ বলিন কুলি আৰু দ্বিজেন শৰ্মা, কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞা, মনজিৎ মহন্ত, ৰমেন বৰঠাকুৰকে আদি কৰি কেইবাগৰাকী বিধায়ক, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ লগতে এন এছ ইউ আই, যুৱ কংগ্ৰেছ, সেৱাদল, মহিলা কংগ্ৰেছ আদিৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।