গুৱাহাটী, ১৫ ডিচেম্বৰ :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পত্নী ৰিণিকি ভূঞা শৰ্মাক লগত লৈ অযোধ্যাৰ অস্থায়ী ৰাম মন্দিৰত পূজা আগবঢ়ায় (CM Himanta Biswa Sarma Visit Ayodhya) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীত ভাগ ল’বলৈ বুলি মঙলবাৰেই সপত্নীক লক্ষ্ণৌত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মা । মঙলবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে বাৰাণসীত মিলিত হোৱাৰ পিছত বুধবাৰে দুপৰীয়া শৰ্মা দম্পতীয়ে অযোধ্যাৰ হনুমানগাড়ীত থকা অস্থায়ী ৰাম মন্দিৰত পূজা আগবঢ়ায়।
ৰাম মন্দিৰত পত্নীসহ পূজা দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে - ৰাম মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ লগত বৈঠকত মিলিত হৈছিল । এই বৈঠকত ৰাজ্যসমূহৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ত পৰ্যালোচনা কৰা হৈছিল । প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতে মঙলবাৰে পত্নীসহ লক্ষ্ণৌত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী শৰ্মা (CM Himanta Biswa Sarma visit Ayodhya) ।
উল্লেখ্য যে, অযোধ্যাত স্থায়ী ৰাম মন্দিৰ নিৰ্মাণকাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰে পৰা ভক্তসকলে হনুমানগাড়ীত থকা এই অস্থায়ী মন্দিৰতে ৰামলালালৈ পূজা আগবঢ়াই আহিছে । মনকৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীৰ বাৰাণসী ভ্ৰমণ উপলক্ষে দুদিন পূৰ্বৰে পৰাই বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল সমবেত হৈছিল লক্ষ্ণৌত । সেই অনুসৰি মঙলবাৰে সপত্নীক অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মা লক্ষ্ণৌত উপস্থিত হৈছিল ৷ তাৎপৰ্যপূৰ্ণ যে, কেৱল বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই নহয়, অসমৰ কেইবাখনো সত্ৰৰ কেইবাগৰাকী সত্ৰাধিকাৰেও ইতিমধ্যে মোদীৰ ভ্ৰমণ উপলক্ষে বাহৰ পাতিছে বাৰাণসীত ।
লগতে পঢ়ক :Akhil Gogoi's vs CM Himanta: মুকলি বিতৰ্কলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ অখিলৰ