অসম

assam

By

Published : Apr 8, 2020, 8:35 AM IST

ETV Bharat / city

গগৈ, ঘাটোৱাৰ, মহন্ত, ডাঃ বৰ্মনৰে কথা পাতিলে সোণোৱালে

ৰাজ্যত কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে ফোনযোগে বহুকেইগৰাকী প্ৰবী ৰাজনৈতিক নেতাৰ সৈতে আলোচনাত মিলিত হয় ৷ বিৰোধী দলৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, পৱনসিং ঘাটোৱাৰ, প্ৰফুল্ল কুমাৰ মহন্ত আৰু ডাঃ ভূমিধৰ বৰ্মনৰ সৈতে ফোনযোগে কথা পাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

গগৈ, ঘাটোৱাৰ, মহন্ত, ডাঃ বৰ্মনৰে কথা পাতিলে সোণোৱালে
গগৈ, ঘাটোৱাৰ, মহন্ত, ডাঃ বৰ্মনৰে কথা পাতিলে সোণোৱালে

গুৱাহাটী, 8 এপ্ৰিলঃ মানৱ জাতিৰ সংকটৰ সময়ত দল-মত নিৰ্বিশেষে সকলোৱে একেলগে হাতে হাত ধৰি যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বহু কেইগৰাকী প্ৰবীণ ৰাজনীতিকৰে ফোন যোগে বাৰ্তালাপ কৰি পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে চৰকাৰে কৰ'ণাৰে যুঁজিবলৈ গ্ৰহণ কৰা পদক্ষেপ সমূহো জানিবলৈ দিয়ে ।

গগৈ, ঘাটোৱাৰ, মহন্ত, ডাঃ বৰ্মনৰে কথা পাতিলে সোণোৱালে

মুখ্যমন্ত্ৰীয়ে ফোন যোগে বাৰ্তালাপ কৰাসকলৰ ভিতৰত অন্যতম আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্ত, ডাঃ ভূমিধৰ বৰ্মন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰবৰ্তী, এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা হাফিজ বছিৰ আহমেদ কাচিমী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদি ।

ABOUT THE AUTHOR

...view details