গুৱাহাটী, ২১ ছেপ্টেম্বৰ:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ চৰকাৰী আৱাসগৃহত সাক্ষাৎ কৰে (Himanta Biswa Sarma meets PM) । সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে ।
সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনি সম্পৰ্কে প্ৰধানমন্ত্ৰীক অৱগত কৰে । আনহাতে সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ (400th birth anniversary of Lachit Barphukan) সামৰণি অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনায় ৷