হৃদয় বিদাৰক: ছয়গাঁৱত এতিয়া ঠেলাই এম্বুলেন্স - Health ministry
কামৰূপ জিলাৰ ছয়গাঁৱৰ গোৱৰ্ধনত হাস্পতালতৰ পৰা এম্বুলেন্সৰ সলনি ঠেলাত ঘৰলৈ কঢ়িয়াই নিলে মৃতদেহ ৷ চৰকাৰী স্বাস্থ্যকেন্দ্ৰত এম্বুলেন্স বিচাৰোতে মহকুমা স্বাস্থ্য বিষয়াৰ ৰোগীৰ পৰিয়ালক ধমক ৷
ছয়গাঁও, 20 জুলাই : ছয়গাঁৱৰ ৰাজপথত আজি দেখা গ'ল এজন যুৱকৰ মৃতদেহ ঠেলাৰে ঘৰলৈ কঢ়িয়াই নিয়া এক কৰুণ দৃশ্য ৷ জানিব পৰা মতে ছয়গাঁৱৰ মথুৰাপুৰীৰ ৰত্নেশ্বৰ বড়ো নামৰ যুৱকজনৰ জণ্ডিছ ৰোগ হোৱা বাবে শুকুকৰবাৰে গোৱৰ্ধনস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল তাত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি ৰোগীজনক ঘৰলৈ উভতাই পঠাইছিল ৷ কিন্তু আজি পুনৰ যুৱকজন অসুস্থ হোৱাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিওঁ তেওঁ প্ৰাণ ত্যাগ কৰে ৷ মৃতদেহ ঘৰলৈ নিয়াৰ বাবে পৰিয়ালৰ লোকে মহকুমা স্বাস্থ্য বিযয়াক এখন এম্বুলেন্সৰ কথা কওঁতে তেওঁ ওলোটাই ধমকি দিয়া বুলি দুৰ্ভগীয়া পৰিয়ালটোৱে অভিযোগ কৰে ৷ শেষত উপায়বিহীন হৈ এখন ঠেলা যোগাৰ কৰি মৃতদেহটো ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে পৰিয়ালটোৱে ৷ মৃতদেহটো চিকিৎসালয়ৰ পৰা ১৭ নং ঘাইপথেৰে মথুৰাপুৰীলৈ লৈ যোৱাৰ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰে বহুসংখ্যক লোকে ৷ ছয়গাঁৱৰ এই দুখজনক ঘটনাই উন্নয়নৰ ঢোল কোবাই থকা স্বাস্থ্য বিভাৰ ফোপোলা স্বৰূপ পুনৰ এবাৰ উদঙাই দিছে ৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডক দেশৰ ভিতৰতে এক অন্যতম উন্নত স্বাস্থ্যখণ্ড বুলি সঘনাই দাবী কৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীজনৰ অসমৰ চোকে কোণে দৈনিক হাৰত সংঘটিত হৈ থকা এনেধৰণৰ হৃদয় বিদাৰক ঘটনা কেতিয়া চকুত পৰিব তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা কৰিছে ৰাজ্যৰ সচেতন মহলে ৷