গুৱাহাটী, ২৩ জুলাই:আফ্ৰিকান ছোৱাইন ফিভাৰে ইতিমধ্যে ৰাজ্যৰ গাহৰি পালকসকলক মাধমাৰ দি থৈ যোৱাৰ পিছত এইবাৰ দ্বিতীয়টো ৰামটাঙোন সোধাবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় পশুপালন আৰু মৎস্য পালন মন্ত্ৰণালয়ৰ যুটীয়া সচিব উপমন্যু বসুৱে ৰাজ্যৰ পশুপালন বিভাগলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ ৷ য'ত হাৰিয়ানা আৰু পঞ্জাৱৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ গাহৰি ব্যৱসায়িক ভিত্তিত পঠিওৱাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰা হৈছে। এই চিঠি লাভ কৰাৰ পাছতে স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰা । কিয়নো আফ্ৰিকান ছোৱাইন ফিভাৰে ইতিমধ্যে ৰাজ্যৰ গাহৰি পালকসকলক বিস্তৰ ক্ষতিসাধন কৰিছে । তেনেক্ষেত্ৰত এতিয়া বৰ্হিৰাজ্যৰ পৰা অসমলৈ গাহৰি আনিলে অসমৰ থলুৱা গাহৰি পালকসকল আৰু অধিক ক্ষতিগ্ৰস্ত হ'ব,ৰাজ্যৰ অৰ্থনীতিতো ইয়াৰ বহু নেতিবাচক প্ৰভাৱ পৰিব ৷
হাৰিয়ানা আৰু পঞ্জাৱৰ গাহৰি অনা সিদ্ধান্তৰ বিৰোধিতা মন্ত্ৰী অতুল বৰাৰ - যুটীয়া সচিব উপমন্যু বসু
হাৰিয়ানা আৰু পঞ্জাৱৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ব্যৱসায়িক ভিত্তিত গাহৰি অনাৰ সিদ্ধান্তৰ বিৰোধিতা পশুপালন মন্ত্ৰী অতুল বৰাৰ ৷ মন্ত্ৰী বৰাই এই সন্দৰ্ভত কেন্দ্ৰীয় পশুপালন,দুগ্ধ উৎপাদন আৰু মৎস্য পালন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷
অন্য এক খবৰৰ বাবে: বান পৰিস্থিতিৰ অৱনতিঃ 89 গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা
বৃহস্পতিবাৰে মন্ত্ৰী অতুল বৰাই এই বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় পশুপালন,দুগ্ধ উৎপাদন আৰু মৎস্য পালন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰে । উল্লেখ্য যে,ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিসমূহ নিধন কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছিল যদিও লকডাউনৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল । কিন্তু আজি একে সময়তে মন্ত্ৰী অতুল বৰাই ১৫ আগষ্টৰ পিছত যদিহে পৰিস্থিতি স্বাভাৱিক হয়,তেন্তে গাহৰি পালকসকলক উপযুক্ত ক্ষতিপূৰণ আদায় দি আক্ৰান্ত গাহৰিসমূহ নিধন কৰাৰ কাম আৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰে ৷