গুৱাহাটী, 5 নৱেম্বৰঃমঙলবাৰৰ পৰা অহা 16 নৱেম্বৰলৈ পূৰ্ব তিৰুপতি শ্ৰী বালাজী সমিতিৰ উদ্যোগত মহানগৰীৰ ভৰলুমুখত আৰম্ভ হ'ল "ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ" ৷ ইতিমধ্যে এই উৎসৱ উপলক্ষে সমাজৰ কল্যাণ আৰু পাপ খণ্ডনৰ বাবে বৈদিক ৰীতি নীতিৰে মহাবাহু ব্ৰহ্মপুত্ৰক পূজা আৰম্ভ কৰিছে বহিঃৰাজ্যৰ পৰা অহা পুৰোহিতে ৷ ইয়াৰ পূৰ্বে দক্ষিণ ভাৰতত অনুষ্ঠিত হোৱা এই পুস্কৰ মেলা পোনপ্ৰথমবাৰৰ বাবে অসমত আয়োজন কৰা হৈছে য'ত আগমন ঘটিছে দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰৰ ভক্তৰ ৷ বিশেষকৈ দক্ষিণ ভাৰতৰ পৰা অহা ভক্ত তথা পুৰোহিতৰ সংখ্যায়ে অধিক ৷
আৰম্ভ হ'ল 'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ' - গুৱাহাটী বাতৰি
সমাজৰ কল্যাণ আৰু পাপ খণ্ডনৰ বাবে বৈদিক ৰীতি নীতিৰে বহিঃৰাজ্যৰ পুৰোহিতে আৰম্ভ কৰিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ পূজা ৷
'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ'
আৰু পঢ়কঃগোলাঘাট আৰক্ষীৰ ধন দাবী: সুৰজিৎ সিং পানেশ্বৰক তদন্তৰ দায়িত্ব
মঙলবাৰে পুৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভণি কৰে এই পুস্কৰ মেলাৰ । আনহাতে সন্ধিয়া আৰতিৰে পূজা অৰ্চনা কৰা হয় ব্ৰহ্মপুত্ৰক, য'ত দক্ষিণ ভাৰতৰ পুৰোহিতৰ লগতে অসমৰ ভক্তই বিশেষভাৱে আৰতি কৰে । বুধবাৰৰ পৰা ভৰলুমুখত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে ব্ৰহ্মপুত্ৰৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হব, লগতে এই মেলাত থাকিব অসমৰ থলুৱা সাজপাৰ, খাদ্য সম্ভাৰৰ লগতে দক্ষিণ ভাৰতৰ খাদ্য সম্ভাৰ প্ৰদৰ্শন ৷