অসম

assam

ETV Bharat / city

Rajya Sabha Election: ৰাজ্যসভাৰ এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা - ৰাজ্যসভা এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন(Rajya Sabha Election 2022) । ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব পৱিত্ৰ মাৰ্ঘেৰিটা (BJP names Pabitra Margherita for one Rajya Sabha seat) । এই পৰ্যন্ত দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰা নাই নিজা অথবা মিত্ৰদল ইউ পি পি এলৰ কোনো প্ৰাৰ্থীৰ নাম ।

bjp declared its candidate's name for Rajyasabha election 2022
ৰাজ্যসভা এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

By

Published : Mar 18, 2022, 7:50 PM IST

Updated : Mar 18, 2022, 8:09 PM IST

গুৱাহাটী, ১৮ মাৰ্চ :ৰাজ্যসভাত খালী হ’বলগীয়া অসমৰ দুখন আসনৰ ভিতৰত এখনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব দলৰ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা(BJP names Pabitra Margherita for one Rajya Sabha seat) । শুকুৰবাৰে সন্ধিয়া বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে পৱিত্ৰ মাৰ্ঘেৰিটাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে । অৱশ্যে এই পৰ্যন্ত দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে নিজা কোনো প্ৰাৰ্থী বা মিত্ৰদল ইউ পি পি এলৰ কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ।

ৰাজ্যসভা এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

উল্লেখযোগ্য যে পৰ্যাপ্ত সংখ্যক বিধায়ক নথকা স্বত্বেও বিজেপিয়ে দ্বিতীয়খন আসনো নিজৰ হাতত থাকিব বুলি দাবী কৰি আহিছে । কিন্তু দ্বিতীয়খন আসনত বিজেপিৰ প্ৰাৰ্থী নাথাকে, থাকিব মিত্ৰদল ইউ পি পি এলৰহে । ১৬ মাৰ্চৰ সন্ধিয়া অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক ক'ৰ কমিটিৰ বৈঠকে দুয়োখন আসনৰ বাবে তিনিজনীয়া পেনেল প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছিল । পেনেলত প্ৰথমখন আসনৰ বাবে আছিল বিজেপিৰ দুই নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু পুলক গোঁহাইৰ নাম ।

আনহাতে, দ্বিতীয়খন আসনৰ বাবে আছিল ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰীৰ নাম । এই পেনেলৰ পৰাই দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বই শুকুৰবাৰে পৱিত্ৰ মাৰ্ঘেৰিটাৰ নাম চূড়ান্ত কৰে । উল্লেখযোগ্য যে, ৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২১ মাৰ্চ । শুকুৰবাৰে বিজেপিয়ে অসমৰ লগতে হিমাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাতো খালী হ’বলগীয়া ৰাজ্যসভাৰ একোখনকৈ আসনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ।

লগতে পঢ়ক :নাথাকিব অসমৰ প্ৰতিনিধি, কংগ্ৰেছ শূন্য হ'ব নেকি ৰাজ্যসভা ?

Last Updated : Mar 18, 2022, 8:09 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details