অসম

assam

Omicron in Assam: ৰাজ্যৰ অধিকাংশ ক’ভিড পজিটিভ লোক আক্ৰান্ত হৈছে অ’মিক্ৰণত

By

Published : Jan 20, 2022, 9:01 AM IST

ৰাজ্যত অমিক্ৰণৰ প্ৰাদুৰ্ভাৱ ব্যাপক হাৰত আৰম্ভ হৈছে (Omicron in Assam)। শেহতীয়াভাৱে যিসকল লোক ক’ভিড-১৯ ৰ Rapid antigen আৰু RT-PCR পৰীক্ষাৰ দ্বাৰা পৰীক্ষা কৰি ক’ভিড পজিটিভ চিহ্নিত কৰা হৈছে, সেইসকলৰ অধিকাংশ অ’মিক্ৰণ(Omicron) ত আক্ৰান্ত হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে নিশ্চিত কৰিছে (National Health Mission Assam) । ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ চৌধুৰীয়ে কি ক’লে জানো আহক ৷

nhm-assam-executive-director-on-omicron-in-assam
Omicron in Assam: Omicron ত হে আক্ৰান্ত হৈছে ৰাজ্যত অধিকাংশ ক’ভিড পজিটিভ লোক

গুৱাহাটী, 20 জানুৱাৰী :এতিয়া আৰু ক’ভিড-১৯ নাই । ৰাজ্যত বৰ্তমান অ’মিক্ৰণতহে(Omicron variant of COVID) আক্ৰান্ত হৈ আছে মানুহ । যাৰ বাবে ৰাজ্যত অ’মিক্ৰণৰ(Omicron) প্ৰাদুৰ্ভাৱ ব্যাপক হাৰত আৰম্ভ হৈছে । ৰাজ্যত শেহতীয়াভাৱে যিসকল লোক ক’ভিড-১৯ ৰ Rapid antigen আৰু RT-PCR পৰীক্ষাৰ দ্বাৰা পৰীক্ষা কৰি ক’ভিড পজিটিভ চিহ্নিত হৈছে সেইসকলৰ অধিকাংশই অ’মিক্ৰণত আক্ৰান্ত হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে নিশ্চিত কৰিছে ।

বুধবাৰে ই টিভি ভাৰতৰ লগত হোৱা আছুতীয়া সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ চৌধুৰীয়ে (Executive director of National Health Mission Assam) এই কথা সদৰি কয় যে, ৰাজ্যত এতিয়া অ’মিক্ৰণৰ প্ৰাদুৰ্ভাৱ হৈছে । এতিয়া আৰু ক’ভিড নাই । তেওঁ কয় যে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে শেহতীয়াভাৱে ৪৭ গৰাকী ক’ভিড পজিটিভ লোকৰ জিনম পৰীক্ষা (Genome test) কৰি ৪৫ গৰাকী অ’মিক্ৰণত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰিছে ।

ৰাজ্যৰ অধিকাংশ ক’ভিড পজিটিভ লোক আক্ৰান্ত হৈছে অ’মিক্ৰণত

ইয়াৰ পৰা প্ৰতীয়মান হয় যে ৰাজ্যত এতিয়া যিসকল লোক ক’ভিড-১৯ ৰ Rapid antigen আৰু RT-PCR পৰীক্ষাৰ দ্বাৰা পৰীক্ষা কৰি ক’ভিড পজিটিভ চিহ্নিত কৰা হৈছে, সেইসকলৰ অধিকাংশই অ’মিক্ৰণত হে আক্ৰান্ত হৈছে (Omicron in Assam)।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ চৌধুৰীয়ে কয় যে, এতিয়া স্বাস্থ্য বিভাগে জিনম পৰীক্ষাত (Genome test) গুৰুত্ব নিদি Rapid antigen আৰু RT-PCR পৰীক্ষাৰ দ্বাৰা পৰীক্ষা কৰাৰ কামত অধিক গুৰুত্ব দিছে । কাৰণ এতিয়া ক’ভিড-১৯ চিহ্নিত হোৱা লোকজন অ’মিক্ৰণতে আক্ৰান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি । তেওঁ কয় যে অ’মিক্ৰণৰ সংক্ৰমণৰ হাৰ বাকীবোৰ ক’ভিড ভেৰিয়েন্টক(Covid variant)তকৈ বেছি ।

যাৰ বাবে যোৱা দুটা বছৰৰ ক’ভিড ভেৰিয়েন্টৰ সময়তকৈ এইবাৰৰ অ’মিক্ৰণত সৰ্বাধিক লোক আক্ৰান্ত হৈছে । অহাকেইদিনত আক্ৰান্তৰ সংখ্যা বাঢ়িব । যাৰ বাবে পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ সাজু হৈ আছে । বৰ্তমান পৰ্যাপ্ত হাস্পতালৰ বিচনা, আই চি ইউ আৰু পৰীক্ষা কেন্দ্ৰ মজুত আছে। কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ চৌধুৰীয়ে কয় যে, অ’মিক্ৰণৰ পৰা ভয়ৰ বিশেষ কাৰণ নাই ।

যদিও আক্ৰান্ত বেছিকৈ হৈছে তাৰ তুলনাত গুৰুতৰ অসুস্থতা আৰু মৃত্যুৰ সংখ্যা কম । শেহতীয়াভাৱে অ’মিক্ৰণত সহজতে পৰীক্ষা কৰিব পৰা Tata medical and diagnostic Ltd য়ে প্ৰস্তুত কৰা Omisure নামৰ অ’মিক্ৰণ পৰীক্ষা কৰিব পৰা কিট(kit) ৰাজ্য চৰকাৰে ৰাজ্যত ব্যৱহাৰ কৰাৰ সম্ভাৱনা সম্পৰ্কত ইটিভি ভাৰতৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ চৌধুৰীক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ৰাজ্য চৰকাৰে এইধৰণৰ কোনো চিন্তা বৰ্তমানলৈ কৰা নাই ।

উল্লেখ্য যে, অ’মিক্ৰণত সহজতে পৰীক্ষা কৰিব পৰা Tata medical and diagnostic Ltd য়ে প্ৰস্তুত কৰা Omisure নামৰ অ’মিক্ৰণ পৰীক্ষা কৰিব পৰা ৫ লাখ টা কিট ওড়িশা চৰকাৰে Tata medical and diagnostic Ltd পৰা ক্ৰয় কৰিছে । পশ্চিমবংগ চৰকাৰেও এই কিট ক্ৰয় কৰাৰ বাবে প্ৰস্তুতি চলায় আছে । Tata medical and diagnostic Ltd য়ে প্ৰস্তুত কৰা Omisure কিটটো আই চি এম আৰে স্বীকৃতি দিছে । এই কিটটোৰ পাইকাৰী বজাৰ মূল্য ২৫০ বুলি Tata medical and diagnostic Ltd য়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Special Covid Vaccination Camp : ত্ৰিপুৰাত আৰম্ভ তিনিদিনীয়া বিশেষ টীকাকৰণ অভিযান

ABOUT THE AUTHOR

...view details