গুৱাহাটী, 15 ছেপ্টেম্বৰ:বুধবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচ ৰাজ্যৰ ১৫ টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছে(Assam Trinamool Congress) ৷ দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেলত ভাগ লৈ কয় যে ২০১৪ চনৰ পৰা অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ ক্ষেত্ৰত কেন্দ্ৰই ল'ৰা-ধেমালি কৰি আহিছে ।
নিৰ্বাচনৰ আগে আগে জনগোষ্ঠীকেইটাৰ নেতৃবৃন্দক দিল্লীলৈ মাতি নি প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনৰ পাছত পাহৰি যায় । ইয়াৰ জৰিয়তে জনগোষ্ঠীকেইটাৰ লাখ লাখ লোকৰ লগতে অসমকো চূড়ান্ত অপমান কৰি আহিছে বিজেপিয়ে । তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কাৰো এই ছয় জনগোষ্ঠীৰ প্ৰতি দায়ৱদ্ধতাও নাই, আগ্ৰহো নাই । প্ৰথমে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ(Justice Biplob Kumar Sarma) নেতৃত্বৰ সমিতিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কোৱা হ'ল ।
'কা' আইন হোৱাৰ পাছত লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে(Union Home Minister) বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ পাছতে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিলে । শৰ্মা সমিতিৰ প্ৰতিবেদনখন আজিলৈকে কেন্দ্ৰলৈকে গৈ নাপালে । ২০২১ ৰ নিৰ্বাচনৰ আগে আগে সেই প্ৰতিবেদন সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেহে(Former CM Sarbananda Sonowal) গ্ৰহণ কৰিলে । সেয়াও এক অপমান বুলিয়ে ক'ব লাগিব । তাৰ পাছতো বিজেপি চৰকাৰৰ নাটক অব্যাহত থাকিল ।