গুৱাহাটী, 27 ফেব্ৰুৱাৰী : ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাৰ বাবে ভাৰত চৰকাৰে অভিযান অব্যাহত ৰাখিছে । ইতিমধ্যে যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা কিছুসংখ্যক ভাৰতীয় লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও অসম তথা দেশৰ অন্য প্ৰান্তৰ বহু লোক ইউক্ৰেইনত আৱদ্ধ হৈ আছে (Assamese people stranded in ukraine ) । অসমৰ শিক্ষাৰ্থী তথা লোকসকলক উদ্ধাৰৰ বাবে বিভিন্ন পক্ষৰ পৰা আহ্বান জনোৱাৰ সময়তে অসম চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে ।
ইউক্ৰেইনত আৱদ্ধ অসমীয়াৰ বাবে হোৱাটছএপ নম্বৰ, মেইল আইডি মুকলি শনিবাৰে হেল্পডেস্ক মুকলি কৰাৰ পাছত দেওবাৰে ৰাজ্য চৰকাৰে সহায়ৰ বাবে হোৱাটছএপ নম্বৰ আৰু ই-মেইল আই ডিৰ ব্যৱস্থা কৰিছে (Assam govt issues contact details) । ইউক্ৰেইন তথা ইয়াৰ ওচৰে-পাজৰে আৱদ্ধ হৈ থকা অসমৰ লোকসকলে এই হোৱাটছএপ নম্বৰ আৰু মেইল আই ডিৰ যোগেদি সহায়ৰ বাবে অসম পুলিচৰ উপৰি দিল্লী আৰু মুম্বাই অসম ভৱনক যোগাযোগ কৰিব পাৰিব ।
ইউক্ৰেইনত আৱদ্ধ অসমীয়াৰ বাবে হোৱাটছএপ নম্বৰ, মেইল আইডি মুকলি অসম আৰক্ষীৰ হোৱাটছএপ নম্বৰ দুটা হৈছে 6026900968 আৰু 6026901060 । সেইদৰে অসম পুলিচৰ টুইটাৰ @assampolice আৰু ফেচবুক @police.assam ত যোগাযোগ কৰিব পাৰিব । দিল্লী অসম ভৱনৰ হোৱাটছএপ নম্বৰ হৈছে 8011685010 আৰু মেইল আই ডি হৈছে rcofficeassambhawan@gmail.com। সেইদৰে মুম্বাই অসম ভৱনৰ হোৱাটছএপ নম্বৰ হৈছে ৯৯৩০৫৬২৩৩৩ আৰু ৯০০৪৬৫২০৮১ আৰু মেইল আই ডি হৈছে mumbaiassambhawan@gmail.com।
ইতিমধ্যে শনিবাৰে মুকলি কৰা হেল্পডেস্ক’ৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা লিংক দিয়া হৈছে । ইফালে ইউক্ৰেইনত আৱদ্ধ গুৱাহাটীৰ লোকৰ বাবে জিলা প্ৰশাসনে টোল ফ্ৰী নম্বৰ আৰু হোৱাটছএপ নম্বৰ মুকলি কৰিছে। টোল ফ্ৰী নম্বৰ ১০৭৭ত ফোন কৰাৰ বাবে অথবা ৯৩৬৫৪২৯৩১৪ নম্বৰত হোৱাটছএপ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে । উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা ইউক্ৰেইনত ৰাছিয়াৰ সেনাই ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে (Russia Ukraine War) ।
লগতে পঢ়ক :Russia Ukraine conflict : ইউক্ৰেইনত আৱদ্ধ অসমীয়াৰ বাবে চৰকাৰৰ হেল্পডেস্ক মুকলি