নিউজ ডেস্ক,22 মে’: বছৰৰ প্ৰথমটোবানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ চৌদিশে (Flood in Assam) ৷ বানত প্লাৱিত হৈছে এখনৰ পাছত আনখন জিলা ৷ ৰাজ্যৰ 31 খন জিলা অন্তৰ্গত 81খন ৰাজহ চক্ৰৰ 2248 খন গাওঁ বানৰ কবলত পৰি নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত (Major parts in Assam are washed by Flood)।
প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰৰ দিনটোত বানত 4 জন লোকৰ মৃত্যু হয় ৷ সেই অনুসৰি এই হাৰ 18 জনলৈ বৃদ্ধি পায় (Death Toll Rises to 18 As Assam Floods ) ৷ শেহতীয়াকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি (Flood update in Assam) , শনিবাৰলৈ ৰাজ্যত বানত মুঠ 6,80,118 জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মুঠ 93,562.40 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে । ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ আৰু সাহাৰ্য অভিযান অব্যাহত ৰখা হৈছে ।
বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিপদসীমাৰ ওপৰৰে বৈছে কপিলী, দিচাং আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ইয়াৰোপৰি চৰকাৰী তথ্য মতে, শনিবাৰলৈকে এছডিআৰএফ, এনডিআৰএফ আৰু স্বেচ্ছাসেৱকৰ সহায়ত বানত আৱদ্ধ হৈ থকা মুঠ 74,907 জন লোকক উদ্ধাৰ কৰি সাহাৰ্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ৷