অসম

assam

By

Published : Aug 11, 2020, 12:02 AM IST

ETV Bharat / city

COVID-১৯ : ৰাজ্যত পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ

ৰাজ্যত সোমবাৰে পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ ৷ ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷

Assam Covid Update : Newly 2900 cases has been found
Assam Covid Update : Newly 2900 cases has been found

নিউজ ডেস্ক, 10 আগষ্ট : ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাই আছে ক’ভিড-19 ৰ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত পুনৰ নতুনকৈ মুঠ 2900 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 382 গৰাকী হৈছে কামৰূপ মেট্ৰ’ৰ আনহাতে কামৰূপ গ্ৰাম্যৰ 294 গৰাকী, ডিব্ৰুগড়ৰ 250 গৰাকী আৰু নগাঁৱৰ 200 গৰাকী ৷

ইপিনে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 60425 গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ য’ত 2900 গৰাকী লোক ক’ভিড পজিটিভ ধৰা পৰিছে বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰিছে ৷

ইয়াৰ লগে-লগে ৰাজ্যখনত বৰ্তমানে ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 61737 গৰাকী ৷ আনহাতে সোমবাৰৰ দিনটোত 1261 গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে মুঠ 43586 গৰাকী ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 17997 টা ঘটনা ৷ ইপিনে বৰ্তমানলৈকে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছে 151 গৰাকী ৷

লগতে চাওক-এন 95 মাস্ক চেনিটাইজ কৰাৰ সহজ পন্থা ইলেক্ট্ৰিক মাল্টিকুকাৰ

ABOUT THE AUTHOR

...view details