নিউজ ডেস্ক, 26 জুলাই:ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ভিড-19 ৰ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শনিবাৰৰ দিনটোত ৰাজ্যত পুনৰ 1165গৰাকী লোকক ক’ভিড পজিটিভ পোৱা যায় ৷ আক্ৰান্ত ৰোগীসকলৰ 353 গৰাকী গুৱাহাটী মহানগৰীৰ বিপৰীতে 100 গৰাকী হৈছে গোলাঘাট জিলাৰ ৷ টুইট যোগে এই কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷
COVID-১৯ : ৰাজ্যত পুনৰ 1165 গৰাকী পজিটিভ - 1165 new covid case in Assam
ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ শনিবাৰে পুনৰ 1165 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰে 353 গৰাকী গুৱাহাটী মহানগৰীৰ বিপৰীতে 100 গৰাকী হৈছে গোলাঘাট জিলাৰ ৷ স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে উল্লেখ কৰে এই তথ্য ৷
Assam covid-19 upadate : 1165 new Covid cases in Assam
বৰ্তমান ৰাজ্যখনত ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 31,086 গৰাকীলৈ ৷ অৱশ্যে শনিবাৰে 1294 গৰাকীকৈ লোক আৰোগ্য লাভ কৰিবলৈও সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে মুঠ 23055 গৰাকী লোকে ৷ ইয়াৰ বিপৰীতে এতিয়াও সক্ৰিয় হৈ আছে 7,951 টা ঘটনা ৷ আনহাতে, মৃত্যু হৈছে বৰ্তমানলৈকে 77 গৰাকী লোকৰ ৷
লগতে চাওক-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি : খাইছে নে এই ছয় বিধ বস্তু ?
TAGGED:
কৰ’ণা ভাইৰাছৰ সংক্ৰমণ