গোলাঘাট, 21 অক্টোবৰ:পাকিস্তান অধীকৃত কাশ্মীৰত পাকিস্তানী সেনাৰ হাতত মৃত্যুবৰণ কৰা গোলাঘাট বৰপথাৰৰ হাতিঘূলি নিৱাসী তথা ৩৯ নং গোৰ্খা ৰেজিমেন্টৰ হাবিলদাৰ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ বাসগৃহত আহি বিভিন্ন জনে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰিছে । দেওবাৰে নিশাৰ পৰা গুণমুগ্ধ,বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে আহি শোক সন্তপ্ত পৰিয়ালটোৰ কাষত উপস্থিত হয় ৷ অতি ভিতৰুৱা গাঁৱৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি পদুম বাহাদুৰৰ মৃত্যু হোৱাৰ বাবে কৃষক পৰিয়ালটোক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী জনাইছে ৷ মৃত জোৱান গৰাকীয়ে পিতৃ-মাতৃ,পত্নী দল কুমাৰী,দুই কন্যা ক্ৰমে মঞ্জু সাহিল আৰু পুত্ৰ শিৱা শ্ৰেষ্ঠক এৰি থৈ গৈছে ৷ ধনশিৰি মহকুমা প্ৰশাসনে জানিবলৈ দিয়া মতে,স্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ নশ্বৰদেহ মঙলবাৰে দুপৰীয়া ১২.৫৫ বজাত বিমানেৰে ডিমাপুৰস্থিত বিমানবন্দৰত অৱতৰণ কৰিব। তাৰ পিছত নিজা বাসগৃহত সামৰিক মৰ্যদাৰে নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ।
শ্বহীদ পদুম বাহাদুৰৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ সাহায্য - শ্বহীদ পদুম বাহাদুৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ সাহায্য
মঙলবাৰে ঘৰ আহি পাব শ্বহীদ পদুম বাহাদুৰৰ নশ্বৰদেহ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ ৷ নিজা বাসগৃহত সামৰিক মৰ্য্যদাৰে নশ্বৰদেহৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ।
শ্বহীদ পদুম বাহাদুৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ সাহায্য
লগতে চাওকঃ হাজোত নাওখেলৰ নাজতে প্ৰচণ্ড মাৰপিট
ইফালে,কাশ্মীৰ সীমান্তত শ্বহীদ হোৱা বীৰ জোৱান পদুম বাহাদুৰ শ্ৰেষ্ঠৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে বীৰ শ্বহীদ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ নিকটাত্মীয়লৈ 20 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে ৷