অসম

assam

ETV Bharat / city

এতিয়াৰে পৰা ঘৰতে পাব সুৰা - গোলাঘাট

এতিয়াৰে পৰা অনলাইন যোগে গুৱাহাটী পৌৰ নিগম এলেকাত উপলব্ধ হ'ব সুৰা । বুধবাৰে ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই এই কথা সদৰি কৰে।

Assam Cabinet Permitted For home Delivery Of Lacquer
এতিয়াৰে পৰা ঘৰতে পাব সুৰা

By

Published : Jul 14, 2021, 10:16 PM IST

গুৱাহ‍াটী, ১৪ জুলাই : গুৱাহাটী মহানগৰীৰ সুৰাপায়ীসকলৰ বাবে সুখবৰ । এতিয়াৰে পৰা অনলাইন (Online) যোগে গুৱাহাটী পৌৰ নিগম এলেকাত উপলব্ধ হ'ব সুৰা । এই সন্দৰ্ভত বুধবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰে সিদ্ধান্ত । কেবিনেট বৈঠকৰ পাছত জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta) আৰু জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই (Piyush Hazarika) এই কথা সদৰি কৰে । ক'ভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্রীদ্বয়ে কয়-' সান্ধ্য আইনৰ সময়ৰ আগে আগে সুৰাৰ বিপণীৰ সমুখত অতিমাত্ৰা ভিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয় আৰু মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশৰ ভিত্তিতে ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱশ্যে আৰম্ভণিতে কেৱল ১ মাহৰ বাবে পৰীক্ষামূলক ভাৱে আৰম্ভ হ'ব এই অনলাইন সুৰা যোগান তথা হোম ডেলিভাৰী পদ্ধতি । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পিছলৈ এই ব্যৱস্থাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব । বৰ্তমান কেৱল গুৱাহাটী পৌৰ নিগমৰ অধীনৰ অঞ্চলতহে অনলাইন যোগে সুৰা লাভ কৰিব পৰা যাব।'

উল্লেখ যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত নৱমখন কেবিনেট বৈঠকত (9th Cabinet Meeting) আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি শীতকালীন সময় চাহ বাগানসমূহত কাম কম থকাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকসকলৰ বাবে এম জি এনৰেগাৰ (MGNREGA) অধীনত কাম দিয়া হ'ব ।

আনহাতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে গাঁৱত এম জি এনৰেগাৰ অধীনত পুখুৰী খন্দাত অগ্ৰাধিকাৰ দিয়া হ'ব । তদুপৰি ঘৰে ঘৰে অগৰু, চন্দন আদি মূল্যবান গছ ৰোপণৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ বাবে অভিভাৱক মন্ত্রী আৰু খণ্ড উন্নয়ন বিষয়া (BDO) সকলে পৰিকল্পনা প্ৰস্তুত কৰিব । সেইদৰে পঞ্চদশ বিত্তীয়ৰ ধনৰে স্কুল, অংগনবাড়ী গৃহ, পাৰ্ক আদি নিৰ্মাণৰ আঁচনিত কেবিনেটে অনুমোদন জনায় ।

সমান্তৰালকৈ ডব্লিউ পি টি চি (WPTC)ৰ অধীনত জনজাতীয় বিষয়সমূহ গৱেষণা কৰাৰ ক্ষেত্রত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগক একলগ কৰি ‘হাউচিং এণ্ড আৰবান পৰিক্ৰমা দপ্ত’ৰ এটা কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত গঠন কৰা হৈছে । সেইদৰে জি.এ.ডি (GAD) আৰু এছ.এ.ডি (SAD)ক একলগ কৰি সাধাৰণ প্ৰশাসনীয় বিভাগ কৰা হৈছে।

সংবাদ মাধ্যমৰ স্বতাধিকাৰীসকলে চৰকাৰী বিজ্ঞাপনৰ ক্ষেত্রত পাবলগীয়া ধনৰ বাবে এতিয়াৰে পৰা অপেক্ষা কৰিব নালাগে । জনসংযোগ বিভাগে প্ৰত্যক্ষভাৱে চিলিং দিব পাৰিব । বিত্ত বিভাগলৈ যাব নালাগে ।

খৰাং পীড়িত অঞ্চল হিচাপে চিহ্নিত গোলাঘাট আৰু সৰুপথাৰ খণ্ডৰ সংশ্লিষ্ট অঞ্চলত মন্ত্রী যোগেন মহন (Jogen Mahan) আৰু অশোক সিংঘাল (Ashok Singhal) গৈ পৰিস্থিতিৰ বুজ লৈ সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিব । সেইদৰে এশ বছৰ পুৰণি মুখ্য ন্যায়াধীশৰ আৱাসগৃহটো ঐতিহ্যপূৰ্ণ ভৱন (Heritage house) হিচাপে সংৰক্ষিত কৰা হ'ব ।

‍লগতে পঢ়ক-অৱনমিত বিধানসভাৰ মৰ্যাদা : অধ্যক্ষ-বিধায়কৰ ভূমিকাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details