অসম

assam

ETV Bharat / city

মহানগৰীৰ বৰিপাৰাত সুধাকণ্ঠৰ স্মৃতিত সংগীত প্ৰতিযোগিতা - গুৱাহাটী

জনপ্ৰিয় সাংস্কৃতিক অনুষ্ঠান গন্ধৰ্বৰ ষষ্ঠদশ বর্ষপূৰ্তি উপলক্ষে বিগত বর্ষসমূহৰ দৰে মহানগৰীৰ বৰিপাৰাত এইবেলিও অনুষ্ঠিত হয় ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দুই শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷

bhupendra sangeet competition
মহানগৰীৰ বৰিপাৰাত সুধাকণ্ঠৰ স্মৃতিত সংগীত প্ৰতিযোগিতা

By

Published : Dec 27, 2020, 9:36 PM IST

গুৱাহাটী, 27 ডিচেম্বৰঃ জনপ্ৰিয় সাংস্কৃতিক অনুষ্ঠান গন্ধৰ্বৰ ষষ্ঠদশ সংখ্যক বর্ষপূৰ্তি উপলক্ষে বিগত বর্ষসমূহৰ দৰে এইবেলিও অনুষ্ঠিত কৰে ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা। আজি পুৱাৰে পৰা একাদশ বাৰ্ষিক অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু চতুৰ্থ বাৰ্ষিক জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা এখনো অনুষ্ঠিত কৰে ।

মহানগৰীৰ বৰিপাৰাত সুধাকণ্ঠৰ স্মৃতিত সংগীত প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীৰ মালিগাঁও বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনি দুটা শাখাত অনুষ্ঠিত হয় । প্ৰতিযোগীতাৰ অন্তত সন্ধিয়াৰ ভাগত বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়।

উল্লেখযোগ্য যে, অসমীয়া হিয়াৰ আমঠু সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ স্মৃতি বৰ্তমান প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে গন্ধৰ্ব নামৰ সংগঠনটোৱে আয়োজন কৰি আহিছে এই অনুষ্ঠানটোৰ ।

লগতে পঢ়কঃনাট্যকর্মী পবিত্ৰ ৰাভালৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা

ABOUT THE AUTHOR

...view details